গোলাঘাট ,১৭ মে' :
দীৰ্ঘ দিনৰে পৰা গাড়ী চুৰি ঘটনাত জড়িত থকাৰ অভিযোগত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি দীপমণি গগৈক গাড়ী চুৰি ঘটনাত জড়িত থকাৰ অভিযোগত আজি গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।আৰক্ষীয়ে গোলাঘাটৰ জোনাকী নগৰত তেওঁৰ ঘৰৰ পৰা এখন চুৰি স্কুটীও উদ্ধাৰ কৰিবলৈ সক্ষম হ'য়। তেওঁৰ লগতে আৰু তিনিজনকৈ গাড়ী চোৰকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অভিযুক্ত কেইজন হৈছে যোৰহাটৰ দীপক শইকীয়া, শালিকীহাটৰ জয়ন্ত বৰা আৰু উদয় শইকীয়া। দীৰ্ঘদিন ধৰি গোলাঘাটৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলত বাইক চুৰি কৰি নগালেণ্ডত বিক্ৰী কৰি অহা বুলি স্বীকাৰ কৰিছে আটাইকেইজন অপৰাধীয়ে।
- Log in to post comments
- 8 views