নলবাৰীৰ পৰা হেমন্ত কলিতা
শিক্ষাগ্ৰহণৰ ক্ষেত্রত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে।তাৰেই প্ৰমাণ দাঙি ধৰিলে নলবাৰী জিলাৰ মুগকুছিৰ এগৰাকী ছাত্ৰীয়ে।উল্লেখ্য যে ১৫ মে'ত ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উজলি উঠিল জিলাখনৰ মুগকুছি গাঁৱৰ ৰেহেনা বেগম৷ অঞ্চলটোৰ অতি দৰিদ্ৰ পৰিয়ালৰ ৰেহেনাই অঞ্চলটোৰ পূব বাহঁজানী গোপালথান বালিকা বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ৭৭• ১৬ শতাংশৰে উত্তীৰ্ণ হয়। কাপোৰ ফেৰি কৰি পৰিয়াল পোহপাল দিয়া কুদ্দুছ আলীৰ কন্যা ৰেহেনাই অসমীয়াত ৭১, ইংৰাজীত ৭২, গণিত ৮৬, সাধাৰন বিজ্ঞানত ৬৭, সমাজ বিজ্ঞানত ৮৪ আৰু হিন্দীত ৮৩, মুঠ ৪৬৩ নম্বৰ লাভ কৰি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷উৰুখা পঁজাৰ তলত পঢ়ি উত্তীৰ্ণ হোৱা ৰেহেনা এতিয়া উচ্চ শিক্ষাৰ বাবে থমকি ৰ'ব লগাত পৰিছে৷ভৱিষ্যতে এজন প্ৰকৃত মানুহ হিচাপে দেশৰ-দহৰ বাবে সেৱা কৰাৰ অদম্য হেপাহ পুহি ৰখা ছাত্রী ৰেহেনাৰ সফলতাত এতিয়া সকলো আনন্দিত হৈছে।কিন্তু তেওঁৰ পিতৃ-মাতৃৰ চকুৰে বৈছে চকুলো,কাৰণ কন্যাক পঢ়ুৱাবলৈ সামৰ্থ নাই পিতৃৰ। ইফালে,বিজুলীবাতিৰ পোহৰ অবিহনে কেৱল টিপচাকিৰ পোহৰত পঢ়ি ভৱিষ্যতৰ সপোন দেখা ছাত্রীগৰাকীৰ ঘৰ বুলিবলৈ আছে কেৱল এখন চালি।
এই সন্দৰ্ভত অঞ্চলটোৰ সচেতন ব্যক্তি তথা শিক্ষক ভাতৃদ্বয় মইনুল হক আৰু আইনুল হকৰ লগত যোগাযোগ কৰাত প্ৰকাশ কৰে-দৰিদ্ৰ পৰিয়ালৰ ছাত্রীগৰাকীৰ এই সাফল্যত আমি বহুত আনন্দিত৷কাৰণ, বিগত সময়ত আৰ্থিকভাৱে জুৰুলা পৰিয়ালটোৰ ছাত্ৰীগৰাকীক পঢ়া-পাতি সময়ে সময়ে আমি দুই ভাতৃয়েই চাই দিছিলো৷' ৰেহেনাৰ উচ্চ শিক্ষাৰ বাবে হৃদয়ৱান লোকৰ পৰা সহায় বিচাৰিছে ছাত্ৰীগৰাকীৰ পৰিয়াল।
আনহাতে,একে গাঁৱৰে আবুতালেব আলী আৰু চামচুল হকে দৰিদ্ৰতাক নেওচি সুনাম অৰ্জন কৰিছে ৷ দুযো়জন নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত উৰ্ত্তীণ হয়৷ উল্লেখ্য যে বিজ্ঞানত ৮৩ নম্বৰসহ লেটাৰ নম্বৰ পাবলৈ সক্ষম হোৱা আবুতালেবৰ পিতৃ আব্দুল মন্নাফ আলীয়ে কাপোৰ বিক্ৰেতাৰ কাম কৰি কোনোমতে পৰিয়াল চলায় ৷ আনহাতে চামচুল হকৰ পিতৃ খালেক আলীয়েও কাপোৰ বিক্ৰী কৰি কোনোমতে পৰিয়ালটো চলাই আছে ৷ এই অতি দৰিদ্ৰ পৰিয়ালকেইটাৰ ছাত্ৰ-ছাত্ৰীৰ সাফল্যত অঞ্চলটোৰ সচেতন ৰাইজ উল্লসিত হোৱা পৰিলক্ষিত হৈছে ৷
- Log in to post comments
- 42 views