দৰিদ্ৰতাক প্ৰত্যাহ্বান জনাই লংকাৰ কল্পনা আৰু আব্দুৰৰ চমকপ্ৰদ ফলাফল

lanka

লংকাৰ পৰা মনোজ কুমাৰ পাঠক

 

প্ৰৱল ইচ্ছাশক্তি  আৰু একাগ্ৰতা থাকিলে যে শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে, সেই কথা আখৰে-আখৰে প্ৰমাণ কৰি দেখুৱালে লংকাৰ দুগৰাকী দৰিদ্ৰ মেধাৱী শিক্ষাৰ্থীয়ে।সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শনৰে উজলি উঠিল লংকা নখুটিৰ কল্পনা কেহদী আৰু আব্দুৰ ৰহমান।অতি দ্ৰৰিদ্ৰ পৰিয়ালৰ দুই মেধাৱী শিক্ষাৰ্থীয়ে আটাইকেইটা বিষয়ত লেটাৰসহ ডিষ্টিংচন লাভ কৰিবলৈ সক্ষম হয় | কল্পনা কেহদীয়ে ৯০ শতাংশ আৰু আব্দুৰ ৰহমানে ৮৭.৫ শতাংশ লাভ কৰি বিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিছে।

lanka

উল্লেখ্য যে দ্বিতীয় শ্ৰেণীত অধ্যয়ন কৰি থকা অৱস্থাত কল্পনা মাতৃহাৰা হৈ পৰিছিল। আনহাতে,কল্পনাৰ পিতৃও বৰ্তমান পক্ষাঘাত ৰোগত আক্ৰান্ত।ভৱিষ্যতে  এগৰাকী চিকিৎসক হোৱাৰ সপোন কল্পনাই পুহি ৰাখিছে যদিও আৰ্থিক অনাটনৰ বাবে থমকি ৰ'ব লগা হৈছে মেধাৱী ছাত্ৰীগৰাকী।স্বাভাৱিকতে,এই দুই গৰাকী দৰিদ্ৰ মেধাৱী ছাত্ৰীৰ কৃত্বিতত এতিয়া গৌৰৱাম্বিত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে অঞ্চলবাসী।

Your Comments