সোণাৰিৰ পৰা ঘন বৰা
চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ অন্তৰ্গত কানুবাৰী-লুখুৰাখন পথটো টিয়ক নৈৰ ভয়াৱহ খহনীয়াৰ কবলত।জিলাখনৰ ন-জৱকাৰ পৰা আৰম্ভ হোৱা পথটো টিয়ক নৈৰ খহনীয়াৰ কবলত পৰাত জনজীৱনলৈ ভাবুকি আহিছে।অসম-অৰুণাচল-নাগালেণ্ড সংযোগী কানুবাৰী-লুখুৰাখন পথটো ন-জৱকাৰ সমীপতে টিয়ক নৈৰ খহনীয়াৰ গ্ৰাসত পৰিছে।চুবুৰীয়া ৰাজ্য অৰুণাচলত নেৰানেপেৰাকৈ দিয়া বৰষুণৰ বাবে টিয়ক নৈৰ বাঢ়নী পানীয়ে বিভিন্ন ঠাইত কালৰূপ ধাৰণ কৰিছে।উল্লেখ্য যে উক্ত পথটোৰে দৈনিক বহু নাগৰিকে যাতায়ত কৰি আহিছে যদিও আজিলৈকে জলসম্পদ বিভাগে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। টিয়ক নৈখনৰ খহনীয়া প্ৰতিৰোধ নকৰিলে পথটো অতি শীঘ্ৰে নৈত জাহ হোৱাৰ সম্ভৱনা প্ৰকট হৈছে।
আনহাতে,জিলাখনৰ বিভিন্ন ঠাইত টিয়ক,টাওকাক, দিচাং আদি উপনৈসমূহৰ খহনীয়াই জনজীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে।কিন্তু,জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ লগতে সোণাৰি সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক শক্তি আৰু গড়কাপ্তানী মন্ত্ৰী তপন কুমাৰ গগৈয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।
- Log in to post comments
- 37 views