কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰ
অসমীয়া বোলছবি জগতৰ অন্যতম জনপ্ৰিয় অভিনেতা নিপন গোস্বামীয়ে ঐতিহাসিক তলাতল ঘৰ প্ৰাঙ্গণত বৃক্ষ ৰোপণ কৰে। শিৱসাগৰৰ অন্যতম স্বেচ্চাসেৱী সংগঠন ৰেচকিউৰ উদ্যোগত সংগঠনটোৰ সদস্য সকলৰ লগত গৈ বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে বৃক্ষ ৰোপণ কৰে।
উল্লেখ্য যে শিৱসাগৰৰ একাংশ চফল ডেকা গাভৰুৱে যোৱা দুটা বছৰৰো অধিক কাল ধৰি ৰক্ত দানৰ পৰা আৰম্ভ কৰি নিৰাশ্ৰয় লোকক আশ্ৰয় দিয়ালৈকে জিলাখনত অনেক প্ৰশংসনীয় কাম কৰি আহিছে । শিৱসাগৰৰ এখন বিহুত অংশ লবলৈ অহা বুলি জানিব পাৰি ৰেচকিউৰ সদস্য সকলে নিপন গোস্বামীক সাক্ষাৎ কৰি মত বিনিময় কৰে। মত বিনিময়ৰ মাজতেই তেওঁ ৰেচকিউৰ কাম-কাজক ভূয়ংশী প্ৰশংসা কৰাৰ লগতে ৰেচকিউৰ সদস্যৰ অনুৰোধত তলাতল ঘৰ প্ৰাঙ্গণত বৃক্ষ ৰোপণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে।
- Log in to post comments
- 16 views