সৌৰামুৰীত আঢ়ৈ বছৰীয়া শিশু নিখোজ,পানীত পৰাৰ সন্দেহ ৰাইজৰ

নৰেন শৰ্মা,বাহাৰঘাট :

কামৰূপ জিলাৰ কঞা আৰক্ষী থানাৰ অন্তৰ্গত সৌৰামুৰীত বৃহস্পতি বাৰে দুপৰীয়াৰ পৰা এটি আঢ়ৈ বছৰীয়া শিশু নিখোজ হৈ থকাক লৈ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জোন মজুমদাৰ নামৰ শিশুটোৰ মাতৃয়ে দুপৰীয়া গা-পা ধুৱাই  ঘৰৰ কামত ব্যস্ত হৈ পৰাৰ কিছুসময়ৰ ভিতৰতে মাতৃয়ে জোনক বিচাৰে যদিও  যদিও জোনৰ কোনো সন্ধান উলিয়াব নোৱাৰি চুবুৰীয়াক বিষয়টো অৱগত কৰে ।
পৰৱৰ্তী পৰ্যায়ত স্থানীয় লোকেও শিশুটিৰ কোনো শুং সূত্ৰ উলিয়াব নোৱাৰি শিশুটিৰ ঘৰৰ সমুখতে থকা দ' মেৰৰ জানত শিশুটি পাৰি যোৱা বুলি সন্দেহ কৰে। স্থানীয় লোকে জানত নামি বিচাৰ খোচাৰ কৰি থকা সময়তে স্হানীয কঞা আৰক্ষী উপস্থিত হৈ উদ্ধাৰকাৰী  এছ ডি আৰ অফ দলক খবৰ কৰে ।কিছু সময় পিছতে এছ ডি আৰ এফ বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও বাতৰি যুগুতোৱাৰ সময়লৈকে জোনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই । ইতিমধ্যেই সন্ধিয়া নামি অহাত  এছ ডি আৰ এফ য়েও অভিযান সমাপ্ত কৰি আজি পুৱাৰ পৰাই পুনৰ অভিযানত নামি পৰে৷এতিয়া পৰিয়ালৰ লোকৰ লগতে স্হানীয় ৰাইজো এতিয়া বিভ্রান্ত আঢ়ৈ বছৰীয়া  জোনৰ সলিল সমাধি ঘটিছে নে আইন ক'ৰবাত আছে ।সেয়া হয়তো পৰৱৰ্ত্তী সময়তহে গ'ম পোৱা যাব ।

Your Comments