নামৰূপৰ পৰা সমীৰণ বৰুৱা
দৰিদ্ৰতা কেতিয়াও জীৱনৰ পথত হেঙাৰ হ'ব নোৱাৰে , তাকেই পুনৰ প্ৰমাণ কৰিলে ৰহমৰীয়াৰ মেধাৱী ছাত্ৰী শিখামণি ডেকাই । নিজৰ ঘৰৰ এটা জুপুৰিত অধ্যয়ন কৰি বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৫ টা বিষয়ত লেটাৰ নম্বৰ সহ ডিষ্টিংচন পাবলৈ সক্ষম হয় শিখামণি ডেকাই ৷
সীমাহীন সমস্যাৰ মাজেৰে শিখাৰ পিতৃয়ে দৈনিক বজাৰত শাক- পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আছিল ৷শিখাৰ এই ফলাফলে বাৰুকৈয়ে আবেগিক কৰি তুলিলে মাতৃ আৰু তেওঁৰ পৰিয়ালক।
- Log in to post comments
- 18 views