সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :
দৰিদ্ৰতা শিক্ষা অৰ্জনৰ বাবে কেতিয়াও যেন হেঙাৰ হব নোৱাৰে তাৰেই এক নিদৰ্শন দাঙি ধৰিলে চৰাইদেউ জিলাৰ সোণাৰিৰ দীক্ষিতা সোনোৱালে।সোণাৰিৰ হাজী অচিমুদ্দিন একাডেমীৰপৰা দীক্ষিতাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছয়টা বিষয়তে লেটাৰসহ ৮৭.৩৩%নম্বৰেৰে উত্তীৰ্ণ হৈ পুনৰবাৰ যেন তাকেই প্ৰমাণ কৰি দেখুৱালে।
সোণাৰি নগৰৰ ৪ নম্বৰ ৱাৰ্ডৰ বাসিন্দা দেৱাশ্ৰী সোণোৱালৰ কন্যা দীক্ষিতাৰ পিতৃবিয়োগৰ পিছত সোণাৰি চহৰত মাতৃয়ে চিঙৰা-পকৰী বেচি পৰিয়ালটোক ভৰণ পোষণ দিয়াৰ লগতে দীক্ষিতাক তীব্ৰ আৰ্থিক অনাতনৰ মাজেৰেই বহু কষ্ট কৰি পঢ়াই-শুনাই আহিছিল।সম্প্ৰতি দীক্ষিতাৰ এই সাফল্যত মাতৃৰ চকুত নিগৰিছে আনন্দৰ চকুপানী ।
ঘৰখনৰ লগতে অঞ্চলটোতয়ো এক আনন্দমুখৰ পৰিবেশে বিৰাজ কৰিছে। দীক্ষিতাৰ এই সাফল্যত আজি গৌৰৱবোধ কৰিছে তেওঁ অধ্যয়ন কৰা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সমূহ ছাত্র ছাত্ৰীয়ে।
- Log in to post comments
- 7 views