হাইস্কুল শিক্ষান্ত পৰীক্ষাত শংকৰদেৱ শিশু নিকেতন আৰু বিদ্যা নিকেতনৰ চমকপ্ৰদ সফলতা

sn

'এইবাৰ বিদ্যা ভাৰতীৰ দ্বাৰা পৰিচালিত শংকৰদেৱ শিশু - বিদ্যা  নিকেতনৰ  চাৰিজন শিক্ষাৰ্থীয়ে  শীৰ্ষ ১০ টা স্থানৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু নিকেতনৰ ফলাফলে প্ৰমাণ কৰিছে যে অসমৰ জনসাধাৰণৰ মাজত বিদ্যা ভাৰতীৰ আদৰ্শ তথা মাতৃভাষাৰ মাধ্যমৰ বিদ্যাল়য়ৰ গুৰুত্ব বহুগুণে বৃদ্ধি পাইছে।এইবেলি সমিতিৰ অন্তৰ্গত ৫৫১ খন নিকেতনৰ ভিতৰত উচ্চ মাধ্যমিক পৰ্যায়ৰ ২৬৩ খন নিকেতনৰ শিক্ষাৰ্থী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। মুঠ ৭৬১৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ১১৪ খন নিকেতনৰ শিক্ষাৰ্থীৰ  হাৰ ১০০%।' বুধবাৰে দুপৰীয়া বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা অসমৰ প্ৰশান্ত পথত থকা মুখ্য কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰা হয়।শিশু শিক্ষা সমিতিৰ সাংগঠনিক সম্পাদক হেমন্ত ধিং মজুমদাৰে সাংবাদিকক এইদৰে  জনায়।

 

 

লগতে জনাই যে ২০১৯ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ঘোষিত ফলাফলত প্ৰথম ১০ টা স্থানৰ ভিতৰত ৪ জনে স্থান লাভ কৰিবলৈ সক্ষম হয়। সাংগঠনিক সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে যে অহা শিক্ষাবৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম আৰম্ভ কৰাৰ কথা ইতিমধ্যেই চিন্তা-চৰ্চা চলিছে।ডুমডুমা আৰু ডিব্ৰুগড়ৰ  চিৰিং চাপৰিৰ ৰামেশ্বৰ শৰ্মা ফুকন সোঁৱৰণী শংকৰদেৱ শিশু-বিদ্যা  নিকেতনত উচ্চতৰ মাধ্যমিকৰ শ্ৰেণীৰ কলা শাখাৰ পাঠ্যক্ৰম আৰম্ভ কৰা হ'ব।পৰবৰ্তী সময়ত অসমৰ বিভিন্ন স্থানত মহাবিদ্যালয় স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।এইদৰে জুলাই মাহৰ পৰা শিশু শিক্ষা সমিতি,অসমৰ অন্তৰ্গত নিকেতনসমূহত স্প'কেন ইংলিছৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব। এইবাৰ হাইস্কুল  শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শীৰ্ষ  স্থান লাভ কৰিছে নাৰায়ণপুৰৰ  শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী মেঘাশ্ৰী বৰাই।   দশম স্থানত অনিৰ্বাণ দত্ত (বিএল বেৰীয়া সৰস্বতী বিদ্যা মন্দিৰ, ডিব্ৰগড়),মণীষা মালাকৰ (পঞ্চতীৰ্থ শিশু শংকৰদেৱ নিকেতন,হাজো)আৰু দ্বীপ জ্যোতি শৰ্মা (শংকৰদেৱ শিশু নিকেতন,টিহু-এইসকলে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি,ডিষ্টিংচন ৯৯২ জন , ষ্টাৰ নম্বৰ ১০৮৬ জন। পৰীক্ষাত উত্তীৰ্ণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ ভিতৰত ৪২১০ জনে প্ৰথম বিভাগত, ২২১৭ জনে দ্বিতীয় বিভাগত আৰু তৃতীয় বিভাগত ৭২৫ জন- সৰ্বমুঠ ৭১৬২ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়।উল্লেখযোগ্য যে, সংস্কৃত বিষয়ত ২ জনে ৯৯% , হিন্দীত ২ জনে ৯৬% , বিজ্ঞানত ২ জনে ১০০% , সমাজ বিজ্ঞানত এজনে ১০০%, , গণিতত ৮০ জনে ১০০% , উচ্চ গণিতত ৮ জনে ১০০% , ভূগোলত এজনে ৯৯% নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।

 

 

সংবাদমেলত শিশু শিক্ষা সমিতি,অসমৰ সভাপতি নিৰ্মল কুমাৰ  বৰুৱা , সাধাৰণ সম্পাদক কুলেন্দ্ৰ ভাগৱতী , বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সম্পাদক তথা বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাংগঠনিক সম্পাদক ব্ৰহ্মাজী ৰাও, হাইস্কুল উপ সমিতিৰ সভাপতি অমূল্য চৰণ চৌধুৰী , সম্পাদক বশিষ্ঠ ৰাম ডেকা, চন্দ্ৰপুৰ প্ৰকল্পৰ সভাপতি শিৱ প্ৰসাদ শৰ্মা, শিক্ষা সমিতিৰ সভাপতি আৰতি ভট্টাচাৰ্য ,উপ- সভাপতি গণেশ চন্দ্ৰ গোস্বামী, পৰীক্ষা তত্বাৱধায়ক মনমোহন কলিতা, প্ৰচাৰ সম্পাদক অজয় কুমাৰ বৰা,কাৰ্যালয় সচিব শান্তিৰাম ঠাকুৰীয়াকে ধৰি সকলো বিষয়-ববীয়াই  ছাত্ৰ-ছাত্ৰীক উষ্ম  আদৰণি  জনায় আৰু তেওঁলোকৰ  উত্তৰোত্তৰ উন্নতি কামনা কৰে।লগতে নিকেতনসমূহৰ সাফল্যৰ আঁৰত থকা পৰিচালনা সমিতিৰ কৰ্মকৰ্তা, প্ৰত্যক্ষভাৱে জড়িত হৈ থকা আচাৰ্য-আচাৰ্যাসকলক তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু সেৱাৰ মনোভাৱৰ বাবে  বিদ্যা  ভাৰতীৰ তৰফৰ পৰা  আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

Your Comments