উত্তৰ জামুগুৰিহাটৰ দৰিদ্ৰ পৰিয়ালৰ অভিষেকৰ কৃতিত্ব

ja

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা

 

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোণিতপুৰ জিলাৰ নদুৱাৰৰ অন্তৰ্গত উত্তৰ জামুগুৰিহাটৰ ১নং বাটমাৰী  নিবাসী বিষ্ণু বাহাদুৰ বিশ্বকৰ্মা আৰু তাৰা দেৱীৰ পুত্ৰ অভিষেক বিশ্বকৰ্মাই ৪৯৪  নম্বৰ লাভ কৰাৰ লগতে পাঁচটা বিষয়ত ক্ৰমে অসমীয়া ৮০,গণিত ৯৪, বিজ্ঞান ৮৪, সমাজ বিজ্ঞান ৮১ আৰু হিন্দীত ৮০ শতাংশ লেটাৰ নম্বৰ লাভ কৰি বৰদিকৰাই হাইস্কুলৰ পৰা উত্তৰ জামুগুৰিহাটৰ ভিতৰত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছতেই অঞ্চলবাসীলৈ এটা সুখৰ খবৰ কঢ়িয়াই আনে।

 

অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজনে একাগ্ৰতা আৰু ধৈৰ্য্যৰে পঢ়াশুনা কৰাৰ ফলত ছাত্ৰজনে এই ফলাফল লাভ কৰিবলৈ সক্ষম হয় । ছাত্ৰজনৰ এই সাফল্যত উৎফুল্লিত হৈ পৰে পৰিয়ালৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী,ছাত্ৰ-ছাত্ৰী আৰু অঞ্চলটোৰ ৰাইজ ।

Your Comments