শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই
বুধবাৰে ঘোষিত হাইস্কুল পৰীক্ষাৰ ফলাফল শিৱসাগৰত যথেষ্ট সন্তুষজনক৷এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পূৰ্বৰ অভিলেখ ভংগ কৰি অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় শিৱসাগৰ জিলাই৷জিলাখনৰ দুগৰাকী ছাত্ৰীয়ে প্ৰথম দহটা স্থানত নিজৰ নাম লিপিবদ্ধ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷উল্লেখ্য যে জিলাখনৰ ২৯ টা পৰীক্ষা কেন্দ্ৰৰ পৰা মুঠ ১২,৬১৬ গৰাকী পৰীক্ষাথী অৱতীৰ্ণ হৈছিল৷ ইয়াৰে উত্তীৰ্ণ হয় ৮,৮৫৬ গৰাকী৷
প্ৰথম বিভাগত ২,৭৫৮ গৰাকী,দ্বিতীয় আৰু তৃতীয় বিভাগত ২,৯৮৭ গৰাকী উত্তীণ হয়।উত্তীৰ্ণৰ হাৰ ৭০.২০% ৷
একাংশ সমাজ সচেতন ব্যক্তিয়ে অশেষ কষ্টেৰে প্ৰতিষ্ঠা কৰা গৌৰীসাগৰ পুখুৰীপাৰত অৱস্থিত শংকৰদেৱ বিদ্যা মন্দিৰৰ ছাত্ৰী দেবাশ্ৰী শইকীয়াই ৫৮৬ নম্বৰৰে ৰাজ্যখনৰ ভিতৰত অষ্টম স্থান দখল কৰাৰ লগতে মৰাণৰ চেন্ট জোচেফ হাইস্কুলৰ ছাত্ৰী অৰ্চিতা দুৱাৰাই ৫৮৫ নম্বৰে নৱম স্থান দখল কৰিছে ৷ আনহাতে অসমৰ দ্বিতীয়খন শিক্ষানুষ্ঠান চৰকাৰী উঃ মাঃ বহুমুখী বিদ্যালয়ৰ ফলাফলৰ হাৰ ১০০%৷ বিদ্যালয়খনৰ ৭ গৰাকীয়ে ডিষ্টিংচন আৰু ৮ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিছে ৷ প্ৰথম বিভাগত ৪৪ গৰাকী,দ্বিতীয় বিভাগত ২৬ গৰাকী আৰু তৃতীয় বিভাগত ২ গৰাকী উত্তীৰ্ণ হয়৷ বিদ্যালয়খনৰ তন্ময় লাহন নামৰ ছাত্ৰজনে সাধাৰণ গণিতত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷ বানমুখ উঃ মাঃ বিদ্যালয়ৰ ২৬ গৰাকী প্ৰথম বিভাগত ,৩০ গৰাকী দ্বিতীয় আৰু ৪ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। দুগৰাকীয়ে ডিষ্টিংচন লাভ কৰাৰ বিপৰীতে চাৰিগৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰে৷বিভুকাশ্যপ শইকীয়াই সাধাৰণ গণিতত ১০০ নম্বৰ লাভ কৰে৷ ইফালে চহৰৰ আৰ্দশ শিশু ভৱনৰ ১৭ গৰাকী প্ৰথম বিভাগত,১১ গৰাকী দ্বিতীয় আৰু ৩ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৷ইয়াৰে ৪ জনে ডিষ্টিংচন আৰু ৪ জনে ষ্টাৰ নম্বৰ লাভ কৰে ৷ বিদ্যালয়খনৰ পূবানি কোঁৱৰ আৰু তাবাচ্চুম ৰহমানে সাধাৰণ গণিতত ১০০% নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷বিদ্যালয়খনৰ পৰা দিচাংমুখ অঞ্চলৰ অতি দৰিদ্ৰ ছাত্ৰ সাগৰ দাসে ৮৭ শতাংশ নম্বৰ লাভ কৰি সমগ্ৰ দিচাংমুখ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে।
ইফালে,শিৱসাগৰৰ বেচৰকাৰী খণ্ডৰ আগশাৰীৰ বিদ্যালয় নিউলুক একাডেমীৰ ফলাফল বাস্তৱিকতে ঈৰ্ষণীয় ৷ পৰীক্ষাত অৱতীৰ্ণ হোৱা ১০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ৪ গৰাকীয়ে ডিষ্টিংচন আৰু ৬ গৰাকীয়ে ষ্টাৰ নম্বৰ লৈ উত্তীৰ্ণ হয়৷ আনহাতে চহৰৰ ফুলেশ্বৰী উঃ মাঃ বিদ্যালয়,কমযোগী ভুৱন চন্দ্ৰ গগৈ সোঁৱৰণী অসম পলিটেকনিক স্কুল,থানুৰাম গগৈ সোঁৱৰণী উঃ মাঃ বিদ্যালয়,কমলালয়া কাকতি উঃ মাঃ বিদ্যালয়,দিচাং ধাইআলি হাইস্কুল,ডিমৌমুখ জনজাতি উচ্চ ইংৰাজী বিদ্যালয়,বলিয়াঘাত কেপিএম স্কুলৰ ফলাফলো সন্তোষজনক৷
- Log in to post comments
- 32 views