২০১৯ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীৰ মুঠ ২৮ গৰাকী পৰীক্ষাৰ্থীৰ ২৩ গৰাকী প্ৰথম বিভাগত আৰু ৫ গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়।ইয়াৰে পাঁচগৰাকীয়ে ডিষ্টিংচন, চাৰিগৰাকীয়ে ষ্টাৰ নম্বৰ পায়। নিকেতনৰ ছাত্র অৰুণাভ হাজৰিকাই আটাইকেইটা বিষয়তে লেটাৰ নম্বৰসহ মুঠ ৫৭৮ নম্বৰ(৯৬.৩২%)ৰে ডিষ্টিংচন পাবলৈ সক্ষম হয় ।
বন্যালিমা বৰুৱাই মুঠ ৫৬১ নম্বৰ (৯৩.৫০%) ,মনালিছা কলিতাই ৫৫৩(৯২.১%) , নীলাক্ষী ডেকাই ৫৩৮(৮৯.৯৭%) আৰু ডলী বড়োৱে ৫১০(৮৫%)নম্বৰ লাভ কৰি আটাইকেইগৰাকীয়ে ডিষ্টিংচন পাবলৈ সক্ষম হয় । ইয়াৰে মনালিছা কলিতাই গণিতত ১০০% নম্বৰ পায় ।ষ্টাৰ নম্বৰ লাভ কৰে দেৱশ্ৰী শৰ্মা (৮৩.৮৩) , সৌৰভ কলিতা (৮২.৮৩), বন্দিতা পাটোৱাৰী (৭৯.৬৭) আৰু ৰিংকু কলিতাই (৮০.১৬)।উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ সভাপতি মানস দাস, সম্পাদক মুকুটেশ্বৰ গোস্বামী আৰু প্ৰধান আচাৰ্য উৎপল তালুকদাৰে ছাত্ৰ- ছাত্ৰীসকলক আশীৰ্বাদ দি উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।
- Log in to post comments
- 38 views