সপ্তম স্থানপ্ৰাপ্ত নিকিতা কলিতাৰ  চিকিৎসক হোৱাৰ সপোন

nalbari

নলবাৰীৰ পৰা হেমন্ত কলিতা


হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বুধবাৰে ঘোষণা কৰা ফলাফলত নলবাৰী জিলাৰ আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিকিতা কলিতাই সৰ্বমুঠ ৫৮৭ নম্বৰ লাভ কৰি অসমৰ ভিতৰতে সপ্তম স্থান দখল কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।অসমীয়াত ৯৫, ইংৰাজীত ১০০, সমাজ বিজ্ঞানত ৯৭, সাধাৰণ বিজ্ঞানত ৯৭, সাধাৰণ গণিতত ১০০, উচ্চ গনিতত ৯৮ শতংশ লাভ কৰা নিকিতাই ভবিষ্যতে চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে৷আনহাতে,ছ’চিয়েল মিডিয়াৰপৰা বিদ্যাৰ্থীসকলক আঁতৰত থকাৰ আহ্বান জনাইছে কৃতিত্ব অৰ্জন কৰা ছাত্ৰীগৰাকীয়ে।দৈনিক ৮/৯ঘন্টাকৈ অধ্যয়ন কৰিছিল এইগৰাকী মেধাৱী ছাত্ৰীয়ে৷ 


নলবাৰীৰ বিদ্যাপুৰৰ এইগৰাকী ছাত্ৰীৰ পিতৃ বেংক বিষয়া গোপাল কলিতা আৰু মাতৃ গীতা কলিতা এগৰাকী গৃহিনী৷নিকিতাৰ এই সফলতাত  উৎফুল্লিত হৈ পৰিছে তেওঁৰ পিতৃ-মাতৃ,তেওঁ অধ্যয়ন কৰা বিদ্যালয় পৰিয়ালৰ লগতে জিলাখনৰ সচেতন ৰাইজ।

Your Comments