হোজাইৰ পৰা মনোজ কুমাৰ পাঠকৰ প্রতিবেদন :
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিনাই লংকাত অঘটন | লংকাৰ জয়ৰাম বস্তিৰ এগৰাকী ছাত্ৰীয়ে নিজ গৃহতেই চীপ লৈ আত্মহত্যা কৰে | ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লংকা আৰক্ষী থানাৰ অন্তৰ্গত জয়ৰাম বস্তিৰ দীপিকা দে নামৰ ছাত্ৰী গৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হৈয়েই এই চৰম পন্থা বাছি লোৱা বুলি অনুমান কৰা গৈছে | ছাত্ৰী গৰাকীৰ এই কাণ্ড প্ৰত্যক্ষ কৰি আত্মীয়ই ছাত্ৰী গৰাকীক ততাতৈয়াকৈ লংকা প্ৰাথমিক চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসকে তেওঁক মৃত্যু হোৱা বুলি ঘোষণা কৰে | উল্লেখ যে, মৃত ছাত্ৰী গৰাকী ওৱাৰ্ডছ ইংলিছ স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল |
- Log in to post comments
- 10 views