হাজোৰ পৰা কমলাকান্ত দাস
বুধবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত হাজো পঞ্চতীৰ্থ শিশু শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্রী মণীষা মালাকাৰে মুঠ ৫৮৩নম্বৰ লাভ কৰি দশম স্থান লাভ কৰে । পেছাত দেউতাক এগৰাকী দৰ্জী আৰু মাক গৃহিনী। দৈনিক আঠ ঘন্টাকৈ অধ্যয়ন কৰা মণীষাই ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন ৰচিছে। মনীষাই আজৰি সময়ত উপন্যাস আৰু ছবি আকি ভাল পায়। অতি দুখীয়া পৰিয়ালৰ ছাত্ৰী মণীষাই সাতদলাৰ দধিয়ালপাম গাঁৱৰ পৰিৱেশত থাকি পঢ়া-শুনা কৰি আহিছিল।
আজি ছাত্রীগৰাকীক লৈ হাজোত বিদ্যালয়খনৰ শিক্ষাগুৰু তথা ৰাইজে শোভাযাত্ৰা উলিয়াই। মণীষাক ঘৰুৱাভাৱে কেইবাজনো শিক্ষকে বিনামূলীয়াকৈ পাঠদান আগবঢ়াইছিল।ভৱিষ্যতে কটন বিশ্ববিদ্যালয়ত বিজ্ঞান শাখাত নাম ভৰ্তি কৰাৰ আশা পুহি ৰাখিছে ছাত্ৰীগৰাকীয়ে।
- Log in to post comments
- 20 views