ভোট গণনাৰ বাবে সম্পূৰ্ণ সাজু  কামৰূপ মহানগৰ জিলা  প্ৰশাসন

vote

নিউজ ডেস্ক :
 দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ ভোটগণনা তথা ফলাফল ঘোষণাৰ বাবে মাজত মাত্ৰ আৰু দহটা দিন বাকী। সমগ্ৰ দেশৰ লগতে ৰাজ্যতো এতিয়া আৰম্ভ হৈছে ভোটগননা আৰু ফলাফলক লৈ কাউন্টডাউন। নিৰ্বাচনী আয়োগ আৰু প্ৰশাসনেও উক্ত দিনটোৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ভোটগণনাত যাতে কোনো আসোঁৱাহ ৰৈ নাযায় তাৰ বাবে প্ৰত্যেক জিলা প্ৰশাসনে গ্ৰহণ কৰিছে সতৰ্কতামূলক বহু ব্যৱস্থা। প্ৰতিখন জিলাতে জিলা উপায়ুক্ত,নিৰ্বাচনী বিষয়া আৰু প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী সকলৰ মাজত চলিছে সঘন বৈঠক।ভোটগণনাৰ সময়ত প্ৰাৰ্থী সকলে কি কি নিয়ম পালন কৰিব লাগিব প্ৰাৰ্থীয়ে কিমান জন প্ৰতিনিধি নিজৰ ফালৰ পৰা কাউন্টিং হলত নিয়োগ কৰিব পাৰিব সেই সম্পৰ্কতো চলিছে বহু গুৰুত্বপূৰ্ণ আলোচনা। 

ইয়াৰ মাজতে অহা কালিৰ পৰা তিনিদিনীয়াকৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত গুৱাহাটী লোকসভা সমষ্টিত ভোটগণনাত নিয়োগ কৰিব লগা বিষয়া সকলক প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত  গুৱাহাটীৰ লোকসভা সমষ্টিৰ ভিতৰৰ জালুকবাৰী, দিছ্পুৰ, গুৱাহাটীৰ পূব আৰু গুৱাহাটীৰ পশ্চিম বিধনাসভাৰ সমষ্টিৰ ভোটগণনা মণিৰাম দেৱান ট্ৰেড চেণ্টাৰতে অনুষ্ঠিত হ'ব। চাৰিওটা বিধনাসভাৰ সমষ্টিৰ প্ৰতিটোৰ বাবে  একোটাকৈ মুঠ চাৰিটা কাউন্টিং হল থাকিব।একেদৰে প্ৰতিটো কাউন্টিং হলত মুঠ ১৪খনকৈ কাউন্টিং টেবুল আৰু এখন এআৰঅ টেবুল থাকিব।

আনহাতে উচ্চতম ন্যায়ালয়ৰ নির্দেশত এইবাৰৰ পৰা ইলেকট্ৰনিক ভোটিং মেচিনত নতুনকৈ সংযোজন হোৱা ভিভিপেট শ্লিপ গণনা কৰাৰ বাবে প্ৰতিটো হলত এখনকৈ টেবুলৰ ব্যৱস্থা থাকিব। সেই টেবুলখন ১৪খন টেবুলৰ ভিতৰৰ এখন হব।সেই টেবুলখনৰ নাম হব ভিভিপেট কাউটিং বুথ।গুৰুত্বপূৰ্ণ কথা এই যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এইবাৰ প্ৰতিটো বিধনাসভা সমষ্টিৰ পাঁচটাকৈ ভোটিং মেচিনৰ ইলেকট্ৰনিক কাউন্টিং আৰু ভিভিপেট শ্লিপ কাউন্টিং কৰিব লাগিব।

আনহাতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতিগৰাকীৰ প্ৰাৰ্থীয়ে প্ৰতিখন কাউন্টিং টেবুলত একোজনকৈ কাউন্টিং এজেন্ট নিয়োগ কৰিব পাৰিব।এই কথা জানিবলৈ দিছে ৰাজ্য নিৰ্বাচনী আয়োগে।লগতে এই কথাও উল্লেখ কৰিছে প্ৰাৰ্থী সকলে নিয়োগ কৰিব লগা এজেন্ট সকলৰ নাম আগতীয়াকৈ নিৰ্বাচন আয়োগক জমা দিব লাগিব ।উল্লেখ যে এইবাৰ গুৱাহাটী লোকসভা সমষ্টিত মুঠ ১৭গৰাকীৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱর্তীন হৈছে।

Your Comments