নিউজ ডেস্ক :
আজি আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱস।সমগ্ৰ দেশৰ লগতে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্ততো সকলোৱে এবাৰ হ'লেও সোঁৱৰণ কৰিছে নিজৰ মাতৃক। ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও মাতৃ দিৱসৰ এই বিশেষ দিনটোত নিজৰ মাতৃক সোঁৱৰণ কৰি এক বিবৃতি প্ৰকাশ কৰিছে।সেই অনুসৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে-'কোনোধৰণৰ আনুষ্ঠানিক শিক্ষাৰ অবিহনে আয়ে আমাক যি নীতি-শিক্ষা আৰু সংস্কাৰ প্ৰদান কৰিছিল, সেই শিক্ষাৰে উদ্বুদ্ধ হৈ জনগণক নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছোঁ।'
লগতে উল্লেখ কৰিছে জীৱনৰ এই যুদ্ধত আইৰ অৰিহণা মই কেতিয়াও পাহৰিব নোৱাৰো বুলি।
ইফালে প্ৰকৃত শিক্ষা আৰু সংস্কাৰেৰে সন্তানক পথ প্রদর্শন কৰা সমাজৰ প্ৰতিগৰাকী মাতৃলৈ আন্তৰাষ্ট্ৰীয় মাতৃ দিৱসৰ শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰে বিবৃতিটোৰ জৰিয়তে।v
- Log in to post comments
- 112 views