তপন বৰগোহাঁই
লোকসভাৰ নিৰ্বাচনৰ ভোটগণনাৰ দিনাই গুৱাহাটীৰ উগ্ৰতাৰা দেৱালয়ত স্থাপন কৰা হ'ব বিগ্ৰহ।২৩মে'ৰ দিনা ধাৰ্মিক নীতি-নিয়মৰ মাজেৰে উগ্ৰতাৰা দেৱালয়ৰ পৰিচালনা সমিতিয়ে মন্দিৰৰ মূল বিগ্ৰহৰ লগতে স্থাপন কৰিব দেৱালয় কৰ্তৃপক্ষই নতুনকৈ নিৰ্মাণ কৰোৱা বিগ্ৰহ।সেই কথা আজি এক সংবাদমেল পাতি জানিবলৈ দিয়ে উগ্ৰতাৰা দেৱালয়ৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক কৌলাশ শৰ্মাই। শৰ্মাই সংবাদমেলত জানিবলৈ দিয়ে যে উগ্ৰতাৰা বিগ্ৰহ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি ২২মে' পৰা দেৱালয় কৰ্তৃপক্ষই তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে 'উগ্ৰতাৰা মহোৎসৱ'।
২৩মে'ৰ পুৱা ৯ বজাত পৰম্পৰা অনুসৰি নান্দীমুখ শ্ৰাদ্ধ, ১১বজাত ব্ৰহ্মপুত্ৰৰ পৰা জল আহৰণ পৰ্ব, দিনৰ ১২বজাত মূল বিগ্ৰহ স্থাপনৰ বাবে পূজা আৰম্ভ হ'ব ।সেই অনুসৰি দেৱতা স্নান,প্ৰতিষ্ঠা হোম,চণ্ডীপাঠ আদি বিভিন্ন পৰ্ব। ইফালে মূল বিগ্ৰহ চুৰি হোৱাৰ পিছত দেৱালয় কৰ্তৃপক্ষই তিনিলাখ টকাৰ বিনিময়ত কলিকতাত নিৰ্মাণ কৰোৱাই আনিছিল এটা বিগ্ৰহ।কিন্তু বিগ্ৰহতো নিৰ্মাণ কৰি অনাৰ পিছতে যোৱা ১ মে'ৰ দিনা নলবাৰীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে চুৰি বিগ্ৰহটো। ইফাল চুৰি হোৱা দেৱালয়ৰ মূল বিগ্ৰহটো ৯৭৫ বছৰীয়া বুলি জানিবলৈ দিয়ে কৈলাশ শৰ্মাই।
- Log in to post comments
- 14 views