নিউজ ডেস্ক :
আজি পুৱাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। উপস্থিত হৈয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে জীপ চাফাৰী কৰি পৰিদৰ্শন কৰিলে ৰাষ্ট্ৰীয় উদ্যোনখনৰ আন্তঃগাঁঠনি। বাৰিষাৰ বানপানীৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ-জন্তু সকলে আশ্রয় গ্ৰহণ কৰিবলৈ নিৰ্মান কৰা হাইলেণ্ডসমূহো পৰিদর্শন কৰে মুখ্যমন্ত্ৰী সোনোৱালে। লগতে বানপানীৰ সময়ত বন্য জীৱ-জন্তুৰসমূহক খাদ্য সামগ্ৰী যোগান ধৰিবলৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই কি ব্যৱস্থা গঠন কৰিছে সেই সম্পৰ্কেও বুজ লয়,আৰু খাদ্য সামগ্ৰী মজুত কৰি ৰাখিবলৈও নির্দেশ প্ৰদান কৰে ।ইফালে বানপানীৰ সময়ত বন্য প্ৰাণী সমূহক যাতে উপযুক্ত চিকিৎসা প্ৰদান কৰিব পাৰি তাৰ বাবে বিষয়া সকলকো সাজু হৈ থাকিবলৈ নির্দেশ প্ৰদান কৰে।
ইফালে ৰাষ্ট্ৰীয় উদ্যান খনৰ অগৰাতলী ৰেঞ্জৰ চহলা বিলক পৰিভ্ৰমী পক্ষীৰ বাবে যাতে উপযুক্ত বাসস্থান হিচাপে গঢ়ি তুলিব পাৰি তাৰ বাবে চহলা বিলক উন্নীতকৰণ কৰিবলৈ নিভাগক নিৰ্দেশ প্ৰদান কৰে ।ইফাল বন্য প্ৰাণী সমূহৰ বাবে প্ৰস্তুত কৰা হাইলেণ্ড সমূহত যাতে বাৰিষাৰ সময়ত যোগাযোগ স্থাপন কৰিব পাৰি তাৰ বাবে তাৎক্ষণিক ভাৱে হাইলেণ্ড সংযোগী পথ নিৰ্মাণৰো নির্দেশ প্ৰদান কৰে। উল্লেখ যে মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে এই যাত্ৰাত সহযাত্ৰীৰ হিচাপে থাকে মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰা লগতে ভালে সংখ্যক বন বিষয়া আৰু কর্মী।উল্লেখ যে বিগত বর্ষ সমূহত কাজিৰঙাত বানপানীৰ সময়ত বহু জীৱ -জন্তুৰ আশ্ৰয়ৰ অভাৱত মৃত্যু হৈছিল আৰু বহু বানপানীত উটিও গৈছিল
।ইয়াৰ উপৰিও উক্ত সময়ছোৱাতে প্ৰতি বছৰে খাদ্য সংকটৰ ফলত উদ্যান খনত মৃত্যুয়ো হয় বহুতো বন্য প্ৰাণী, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বাৰিষাৰ আগমুহূৰ্ততে মুখ্যমন্ত্ৰী গৰাকীয়ে আজি নিজেই উপস্থিত হৈ পৰিদর্শন কৰে ৰাষ্ট্ৰীয় উদ্যানখন।আনহাতে ৰাষ্টীয় উদ্যান খন পৰিদর্শনৰ পাছত একাংশ স্থানীয় ৰাইজ আৰু বিষয়া সকলৰ সৈতে কাজিৰঙাত পৰ্যটনৰ নতুন সম্ভাৱনীয়তা সম্পৰ্কে আলোচনা কৰে।
ইয়াৰ উপৰিও তেওঁ পৰ্যটক সকলৰ সুবিধা হোৱাকৈ ৰেঞ্জ প্ৰফাইল প্ৰস্তুত কৰিবলৈ বিষয়া সকলক নিৰ্দেশ দিয়ে।ইফালে স্থানীয় ৰাইজক আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে কয় কাজিৰঙাৰ সংৰক্ষণৰ বাবে বন কর্মী সকলক সহায় সহযোগিতা কৰাৰ বাবে ।
- Log in to post comments
- 20 views