কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞা
ৰাজ্যৰ কৃষিখণ্ডৰ দুখলগা ছবি।কৃষি বিভাগৰ হেমাহিৰ বাবে চৰনীয়া পথাৰলৈ পৰিণত হৈছে নগাঁও জিলাৰ কামপুৰ কৃষিখণ্ডৰ অন্তৰ্গত কলাইখোৱা আৰু কঠালগুৰি বীজপাম।
উল্লেখ্য যে কঠালগুৰি বীজপামত ২০ হেক্টৰ আৰু কলাইখোৱা বীজ পামত ৮ হেক্টৰ মাটি থকা বীজপাম দুখনত বছৰ বছৰ ধৰি কোনো চৰকাৰী আঁচনি গ্ৰহণ কৰা হোৱা নাই। বীজপাম দুখনৰ চৌহদত বেৰাৰ ব্যৱস্থা নাই,ৰখীয়া নাই, বাসগৃহৰ অভাৱ।লগতে অন্যধৰনৰ আন্তঃগাঠনিৰ উন্নয়ণ নোহোৱাৰ বাবে উৎপাদনৰ অতিকে সম্ভাৱনা থকা বীজপাম দুখনে এতিয়া মৃত্যুমুখলৈ গতি কৰিছে।
পূৰ্বতে কঠালগুৰি বীজপামত যথেষ্ট পৰিমাণে কুঁহিয়াৰ উৎপাদন হৈছিল। লগতে কলাইখোৱা বীজপামত ধান উৎপাদন হৈছিল।কৃষকে ইয়াৰ পৰা উন্নতমানৰ বীজ সংগ্ৰহ কৰিবলৈ পাৰিছিল ।কিন্ত বীজপাম দুখনৰ মৃত্যুঘণ্টা বজাত সমস্যাত পৰিছে কৃষক।চৰকাৰে কৃষিখণ্ডৰ ব্যাপক উন্নয়নৰ শ্ল'গান দি থকাৰ সময়তে দুখনকৈ বীজপামে মৃত্যুমুখলৈ গতি কৰাত কৃষি বিভাগৰ চূড়ান্ত ব্যৰ্থতাৰ ছবিখন পোহৰলৈ অহা বুলি মন্তব্য কৰিছে কৃষকে।
ইফালে,কৃষি বিভাগটোৰ এই পয়াঁলগা ৰূপটোৰ বিষয়ে স্বীকাৰ কৰিছে নগাঁও জিলাৰ কৃষি বিষয়া অশোক কুমাৰ শৰ্মা খাউণ্ডে।তেওঁ বীজপাম দুখনৰ আন্তঃগাঠনি উন্নয়ণকে ধৰি বিভিন্ন দিশৰ উন্নয়ণ কৰিবৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে ।
- Log in to post comments
- 8 views