অভিযোগ প্ৰতিঅভিযোগক কেন্দ্ৰ কৰি পুনৰ উত্তাল তিৱা স্বায়ত্ত্ব  পৰিষদ

AUTONOMAS

মৰিগাঁও,৯ মে :

 তিৱা স্বায়ত্ত্বশাসিত পৰিষদ এতিয়া খিলঞ্জীয়া জনগোষ্ঠীটোৰ উন্নয়ন আৰু প্ৰগতিৰ অনুষ্ঠানহৈ থকা নাই ৷ ঐতিহ্য সংস্কৃতিৰে ভৰপুৰ মধ্যঅসমৰ ভুমিপুত্ৰ জনগোষ্ঠীটোক শিখণ্ডী কৰি এচামে তিৱা পৰিষদখনক মুনাফা আদায়ৰ বাবেহে যেন ব্যৱহাৰ কৰি আহিছে ৷ বিজেপি নেতৃত্বাধীন পৰিষদখনত বিধায়ক ৰমাকান্ত দেউৰী আৰু মুখ্যকাৰ্যবাহী সদস্য পৱন মান্তাৰ মাজত থকা মতানৈক্যই আদালতৰ মজিয়া পৰ্যন্ত পাইছেগৈ ৷

নিজৰ অনুগতৰ দ্বাৰা ন্যায়ালয়ত দুৰ্নীতিৰ অভিযোগত গোচৰ তৰিছে এজনে আনজনৰ বিৰুদ্ধে ৷ শেহতীয়াকৈ মৰিগাঁও সদৰ থানাত দেউৰীপন্থী কাৰ্যবাহী সদস্য প্ৰয়াত বলোৰাম বৰদলৈয়ে মৰিগাঁও সদৰ থানাত দাখিল কৰা ২২৬/১৮ নং গোচৰৰ ভিত্তিত আদালতে মুখ্যকাৰ্বাহী সদস্য পবন মান্তাক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়া বুলি কালি মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰী পন্থীৰ  কেইটামান  তিৱা সংগঠনে মৰিগাঁও আৰক্ষী অধীক্ষক অৱগত কৰাই নহয় মুখ্য কাৰ্যবাহী মান্তাক গ্ৰেপ্তাৰৰো দাবী  জনাইছিল।

ইয়াৰ পিছতে আজি বিধায়ক ৰমাকান্ত দেউৰী পন্থীৰ সংগঠন কেইটাৰ বিৰুদ্ধে সৰব হৈ পৰে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাৰ লগতে পৰিষদ খনৰ আন আন কাৰ্যবাহী সদস্য সকল। তিৱা পৰিষদৰ  মুখ্যকাৰ্যবাহী সদস্য পৱন মান্তা,অধ্যক্ষ মদন বৰদলৈ,উপাধ্যক্ষ বিদ্যুত বৰদলৈ,উপ-মুখ্য কাৰ্যবাহী সদস্য মোহন সেনাপতি,কাৰ্যবাহী সদস্য ক্ৰমে ডিম্বেশ্বৰ বৰদলৈ,পিতাম্বৰ বৰদলৈ,এলিজা ৰাভা বৰদলৈ,সদস্য মন্টু বৰদলৈ,মুকুট কোঁৱৰ,ৰীনা বৰদলৈ,বুবুল চন্দ্ৰ পাতৰ আদি কৰি পৰিষদৰ প্ৰায় সকল সদস্যৰ উপস্থিতিত  পৰিষদৰ কাৰ্যালত এখন সংবাদমেল অনুষ্ঠিত কৰি তিৱা পৰিষদৰ বিৰুদ্ধে  বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সমূহ খণ্ডণ  কৰে ৷ তদুপৰি পৰিষদৰ বিৰুদ্ধে  অভিযোগ উত্থাপন কৰা তিৱা জাতীয় সংগঠন কেইটাই আদালতৰ ৰায়ক বিভ্ৰান্ত কৰি সমগ্ৰ বিষয়টোক বিপথে পৰিচালিত কৰি তিৱা পৰিষদক জনমানসত হেৰ প্ৰতিপন্ন কৰিব বিচৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে তিৱা পৰিষদে শীঘ্ৰেই আইন গত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও অৱগত কৰে। ইফালে পৰিষদৰ বিৰুদ্ধে অভিযোগ অনা তিৱা সংগঠন কেইটাক নামধাৰী অস্তিত্বহীন ভুৱা সংগঠন বুলি আখ্যা দি কয় পূৰ্বৰ পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য ৰমাকান্ত দেউৰীৰ কাৰ্যকালত পৰিষদৰ বিৰুদ্ধে অভিযোগ অনা প্ৰায় কেইজনেই একো একোজন ঠিকাদাৰ লগতে বিভিন্ন আচঁনিৰ নিৰ্মাণ সমিতিত  সভাপতি আছিল।

এতিয়া তেওঁলোকেই ন্যস্ত স্বাৰ্থ পুৰণৰ বাবে পৰিষদ খনক অস্থিৰ কৰি তুলিবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছে। যিটো তিৱা জাতিৰ বাবে দুৰ্ভাগ্য জনক। দিনত বিজেপিৰ জয়ঢোল বজাই ৰাতি হলে বিজেপিৰ বিৰুধী স্থিতি গ্ৰহণ কৰি অহা এই সকল প্ৰতিক্ৰিয়াশীল ব্যক্তিয়ে বৰ্তমান তিৱা পৰিষদত পূৰ্বৰ দৰে দুৰ্নীতি বেহা কৰিব নোৱাৰা বাবেই হতাশাত ভূগী বিভিন্ন কুটকৌশলত লিপ্ত হৈছে। ইফালে তিৱা পৰিষদৰ নিৰ্বাচন ওচৰ চাপি অহাত বিজেপি নেতৃত্বাধীন পৰিষদখনত প্ৰকাৰন্তৰে ৰাইজৰ মাজত আস্থাহীন কৰিব বিচাৰিছে।

ইয়াক কোনো কাৰণতেই সহ্য কৰা নহব বুলি উল্লেখ কৰি তেওঁলোকে কয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুৰ্নীতিৰ ক্ষেত্রত গ্ৰহণ কৰা শূন্য সহনশীলতা নীতিক আমি শ্ৰদ্ধা আৰু সন্মান জনাই তিৱা পৰিষদ খন পৰিচালিত কৰিবলৈ প্ৰয়াস কৰিছো। এই ক্ষেত্ৰত পৰিষদখনৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা চক্ৰটোক তিৱা জনসাধাৰণে চিনাক্ত কৰিছে আৰু সময়ত ৰাইজে এই প্ৰতিক্ৰিয়াশীল চক্ৰটোক উচিত শিক্ষা দিব বুলি মন্তব্য কৰে।

Your Comments