শিৱসাগৰ,৯ মে’ঃ
শিৱসাগৰৰ চহৰৰ বিশিষ্ট ব্যৱসায়ী তথা সামাজকৰ্মী ৰবীন্দ্ৰনাথ বেজবৰুৱাৰ আজি দিনৰ ১১.৩০ বজাত বাৰ্ধক্যজনিত কাৰণত গুৱাহাটীৰ ইন্টাৰনেশ্বল হস্পিতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ। বেজবৰুৱা শিৱসাগৰৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী আছিল। নব্বৈ দশকতে তেওঁ শিৱসাগৰৰ দৰে ঠাইত বিন্দাবন নামেৰে এখন আগশাৰী বিলাসী হোটেল নিৰ্মাণেৰে এজন প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। উচ্চ শিক্ষিত ৰবীন্দ্ৰনাথ বেজবৰুৱাই সেই সময়ত চৰকাৰী চাকৰিৰ মোহ ত্যাগ কৰি নিজৰ কৰ্মদক্ষতা তথা উদ্যামী মনোভাৱেৰে নিজাববীয়াকৈ ব্যৱসায় আৰম্ভ কৰিছিল।
ব্যৱসায়ৰ সমান্তৰালকৈ তেওঁ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত কাম-কাজৰ অব্যাহত ৰাখিছিল। তেওঁ শিৱসাগৰৰ শ্ৰীমন্ত শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠাপক আছিল। তেওঁ প্ৰমোদ গগৈ স্মৃতি ন্যাসৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত আছিল। ৰবীন্দ্ৰনাথ বেজবৰুৱাৰ প্ৰচেষ্ঠাতেই চহৰৰ মাজমজিয়াত থকা লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি স্থাপন কৰা হৈছিল। ইয়াৰোপৰি তেওঁ জাতীয় বিদ্যালয়ৰ সভাপতি আৰু শ্ৰী শ্ৰী মা কালী মন্দিৰৰ সক্ৰিয় সদস্য হিচাপে দায়িত্ব পালন কৰিছিল। ইয়াৰ উপৰিও তেওঁ সত্যসায় বাবা, ভাৰত বিকাশ সংগঠনৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰি পুত্ৰ-বোৱাৰী, নাতি, জী-জোৱাই, দুগৰাকী ভগ্নী, এজন ভাতৃকে ধৰি বহুটো আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুত আহোম ৰয়েল চ'চাইটি,ৰংপুৰ নাগৰিক মঞ্চ ,জননেতা প্ৰমোদ গগৈ স্মৃতি ৰক্ষা সমিতি, দিখৌপৰীয়া সন্মিলীত যুৱ সংঘ, উজনি অসম মুছলিম কল্যান পৰিষদ, প্ৰমোদ গগৈ স্মৃতি ন্যাস, ভাৰত বিকাশ, সদৌ শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সংস্থা, সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকাকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিয়ে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ৰবীন্দ্ৰনাথ বেজবৰুৱাৰ নশ্বৰদেহ গুৱাহাটীৰ পৰা শিৱসাগৰৰ নিজা বাসগৃহলৈ অনাৰ পিছত কালিলৈ পুৱা ৮ বজাত থানামুখৰ শান্তিবন শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হব।
- Log in to post comments
- 15 views