বঙাইগাঁওঃ ৯ মেঃ
বঙাইগাঁৱৰ কেন্দ্ৰীয় ৰবীন্দ্ৰ শ্ৰদ্ধাঞ্জলি মঞ্চৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বিশ্বকবি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ১৫৮ সংখ্যক জন্ম জয়ন্তী উদযাপিত হৈছে ৷ বঙাইগাঁও চহৰৰ গান্ধী ময়দানত উদযাপন কৰা ৰবীন্দ্ৰ জয়ন্তীৰ কাৰ্যসূচী অনুসৰি আজি পুৱা ৰবীন্দ্ৰ শ্ৰদ্ধাঞ্জলি মঞ্চৰ সভাপতি সুৰজিৎ দাসে কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ প্ৰতিমূৰ্তিত মাল্যদান কৰাৰ বিপৰীতে মঞ্চৰ সাধাৰণ সম্পাদক সুধাংশু সাহাই বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় ৷
ইয়াৰ পিচতে গান্ধী ময়দানৰ পৰা চহৰখনৰ মাজেৰে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ দুপৰীয়াৰ ভাগত নৃত্য প্ৰতিযোগিতা আৰু বিয়লি বঙাইগাঁও বিদ্যাপীঠ উচ্চ বিদ্যালয়ত এক আলোচনাচক্ৰ অনুষ্ঠিত হয় ৷ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জ্যোতিৰ্ময় ভট্টাচাৰ্যই সভাপতিত্ব কৰা ৰবীন্দ্ৰ আলোচনাচক্ৰ শীৰ্ষক এই আলোচনা চক্ৰত শান্তি নিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ অধ্যাপক মানবেন্দ্ৰ মুখোপাধ্যায়ে মুখ্য বক্তা হিচাপে উপস্থিত থাকি বিশ্বকবিগৰাকীৰ জীৱন দৰ্শন আৰু সৃষ্টি সম্পৰ্কে বক্তব্য আগবঢ়ায় ৷
আনহাতে নিৰ্দিষ্ট বক্তা হিচাপে অভয়াপুৰী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড৹ ধীৰেন শৰ্মাই উপস্থিত থাকি কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ বিষয়ে বক্তব্য ৰাখে ৷ সন্ধিয়া মঞ্চ উদ্বোধন , সম্বৰ্ধনা অনুষ্ঠান আৰু উৎপল কুমাৰ মজুমদাৰে সম্পাদনা কৰা স্মৃতিগ্ৰন্থ ' শ্ৰদ্ধাঞ্জলি' উন্মোচনৰ লগতে পুৰস্কাৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয় ৷ ইয়াৰ পিচতে অনুষ্ঠিত হয় ৰবীন্দ্ৰ অনুষ্ঠান ৷ এই ৰবীন্দ্ৰ অনুষ্ঠানত স্থানীয় শিল্পীৰ লগতে কলকাতাৰ শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰে ৷
আনহাতে কাইলৈ সন্ধিয়াৰ ভাগত সুন্দৰী প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ সাংস্কৃতিক অনুষ্ঠানত স্থানীয় শিল্পীৰ লগতে মুম্বাইৰ পৰা আমন্ত্ৰিত শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব বুলি মঞ্চৰ সভাপতি সুৰজিৎ দাসে জানিবলৈ দিয়ে ৷ ইপিনে বঙাইগাঁও ৰবীন্দ্ৰ চেতনা মঞ্চৰ উদ্যোগতো আজি ১৫৮ সংখ্যক ৰবীন্দ্ৰ জন্ম জয়ন্তী উদযাপন কৰা হয় ৷ বঙাইগাঁৱৰ অল্ড কলনী খেল পথাৰত উদযাপন কৰা অনুষ্ঠান উপলক্ষে পুৱা ৰবীন্দ্ৰ নাথ ঠাকুৰৰ আৱক্ষ মূৰ্তিত মাল্যদান কৰে মঞ্চৰ সভাপতি ডাঃ সমীক দেবে ৷ ইয়াৰ পিছত এক বৰ্ণিল শোভাযাত্ৰা উলিওৱা হয় ৷ এই শোভাযাত্ৰাই বঙাইগাঁও চহৰ পৰিক্ৰমা কৰে।
শোভাযাত্ৰাত ৰবীন্দ্ৰ সংগীত আৰু ৰবীন্দ্ৰ নৃত্যত শতাধিক লোকে অংশ লয় । উল্লেখ্য যে মঞ্চৰ সভাপতি ডাঃ সমীক দেবে জনোৱা মতে অহা ১১ আৰু ১২ মে'ত বঙাইগাঁও অল্ড কলনী খেল পথাৰত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। দুয়ো দিনৰ সাংস্কৃতিক সন্ধিয়াত অসমৰ বাহিৰৰ আমন্ত্ৰিত সংগীত শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব ৷ আনহাতে ৰবীন্দ্ৰ নাথ বিষয়ক আলোচনা আগবঢ়াব টংলা কলেজৰ অধ্যাপক ডঃ অভিজিৎ চক্ৰৱৰ্তী আৰু কটন কলেজৰ অধ্যাপক ডঃ প্রসূন বর্মনে।
- Log in to post comments
- 25 views