বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বানপানী প্ৰস্তুতি সভা

BGN

 বঙাইগাঁওঃ ৯ মেঃ

আগন্তুক বান পানী আৰু গৰাখহনীয়াৰ সময়ত ল'বলগীয়া তৎকালীন ব্যৱস্থা সম্পৰ্কত আজি বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ উপস্থিতিত বানপানী প্ৰস্তুতি সম্পৰ্কীয় এখন সভা অনুষ্ঠিত হয় । বঙাইগাঁও জিলা পৰিষদ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত সভাপতিত্ব কৰে জিলা  উপায়ুক্ত আদিল খানে ৷ সভাত উপায়ুক্তগৰাকীয়ে উপস্থিত থকা বিভিন্ন বিভাগসমূহক পৃথকে পৃথকে দায়িত্ব দিয়াৰ লগতে বানত খতিগ্ৰস্ত হোৱা এলেকাসমূহত স্থাপন কৰিবলগীয়া সাহায্য  শিবিৰসমূহ পৰিদৰ্শন কৰি চিনাক্ত কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক দায়িত্ব দিয়ে । একেদৰে গড়কাপ্তনী ( পথ ) বিভাগৰ অধিনস্থ পথসমূহ আগতীয়াকৈ মেৰামতি কৰিবলৈ নিদ্দেৰ্শ দিয়াৰ উপৰিও মথাউৰি প্ৰতিৰোধ বাহিনী গঠন কৰিবলৈও দায়িত্ব দিয়ে ।BGN2

সেইদৰে পশু চিকিৎসা বিভাগক পশুধন গণনা কৰিবলৈ দায়িত্ব দিয়ে । লগতে অগ্নি নিৰ্ব্বাপক বাহিনীক বানপানীৰ সময়ত সদায় সজাগ হৈ থাকিবলৈ নিদ্দেৰ্শ দিয়া লগতে নাও, ভুতভুটি আদি  থৰতে পাবপৰাকৈ মজুত ৰাখিবলৈ দায়িত্ব দিয়া হয় ।

আনহাতে   বঙাইগাঁও পৌৰ সভাক বঙাইগাঁও সদৰ চহৰৰ নলা - নৰ্দমাসমূহ পৰিস্কাৰ -পৰিচ্ছন্ন আৰু মেৰামতি কৰিবলৈ দায়িত্ব দিয়া হয় ৷ বিদ্যুৎ বিভাগক বঙাইগাঁও বৈদ্যুতিক  উপকেন্দ্ৰৰ অন্তৰ্গত বৈদ্যুতিক তাঁৰসমূহ পৰীক্ষা -নিৰীক্ষা কৰিবলৈও নিদ্দেৰ্শ দিয়ে । সভাত দক্ষিণ অভয়াপু্ৰী বিধান সভা সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মালো উপস্থিত থাকি বানপানীৰ সময়ত দক্ষতাপূৰ্ণভাবে আৰু সকলোকে সঠিকভাবে নিজৰ দায়িত্ব পালন কৰিবলৈ অনুৰোধ জনায় ।

এই সভাত বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱী, বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাদিৰা জেছমিন , অতিৰিক্ত উপায়ুক্ত অনুপম ডেকা, উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি মেঘনিধি দাহাল, ৰাজহ চক্ৰ বিষয়াসকল , সহকাৰি আয়ুক্তসকল , ভাৰপ্ৰাপ্ত জিলা তথ্য  আৰু জনসংযোগ বিষয়া , ভাৰতীয় সেনা বাহিনী , এন ডি আৰ এফৰ উপৰিও বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে । 

Your Comments