নগাঁৱত চাৰিলেনযুক্ত ৰাজপথত পথ সুৰক্ষাৰ সজাগতা সভা

nagaon

নগাঁৱৰ পৰা ৱাহিদুদ জামান

 নগাঁও জিলা পৰিবহন বিষয়া তথা নগাঁও প্ৰবৰ্তক শাখাৰ উদ্যোগত আজি নগাঁও বৰঘাট বাইপাছৰ পৰা নীলবাগানলৈকে কেইবাটাও স্থানত পথ সুৰক্ষাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এলানি সজাগতা সভা অনুষ্ঠিত কৰা হয়।নগাঁও জিলাৰ কঠিয়াতলী,ননৈ আৰু হোজাই জিলাৰ ডবকা নিলবাগানকে ধৰি কেইবাখন সজাগতা সভা অনুষ্ঠিত কৰা হয়।


এনে সজাগতা সভাত অংশগ্ৰহণ কৰি ৰূপক পূজাৰীয়ে কয়-'ৰাইজে নিশ্চয়কৈ লক্ষ্য কৰিছে যে নগাঁও বৰঘাট বাইপাছৰ পৰা লংকালৈকে সুদীৰ্ঘ পথচোৱাত প্ৰায়ে দুচকীয়া, চাৰিচকীয়া বাহন ওলোটা দিশত চলোৱাটো একপ্ৰকাৰ নিময়ত পৰিণত হৈছে। যাৰ বাবে এই পথচোৱাৰ বিভিন্ন স্থানত প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে কেইবাঠাইতো দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত কিছু লোক মৃত্যুৰ মুখত পৰিব লগীয়া হৈছে।' সেয়ে এনে ধৰণৰ অবাঞ্চিত ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে  সমাজৰ এজন সচেতন নাগৰিক হিচাপে যানবাহন চলাওতে সদায় বাওফালৰ পথটোৰেহে যাবলৈ বিষয়াগৰাকীয়ে অাহবান জনায়।তেওঁ সকলোকে চাৰিলেনযুক্ত ৰাজপথৰ নীতি- নিয়ম মানি চলিবলৈ ৰাইজক আহ্বান জনায়। 


সজাগতা সভাসমূহত নগাঁও পৰিবহণ বিভাগৰ প্ৰবৰ্তক শাখাৰ পৰিদৰ্শক ৰঞ্জিত দত্ত, প্ৰহ্লাদ হাজৰিকা,কৃষ্ণ কান্ত পাটগিৰি আৰু ভৱ কাকতিয়ে অংশগ্ৰহণ কৰি ৰাইজক যান- বাহন চলাওঁতে নীতি-নিয়ম সমূহৰ  মানি চলিবলৈ আহ্বান জনায়।

Your Comments