নগাঁৱৰ  বৰক'লাত  পাঁচ দিনীয়া বিহু কৰ্মশালা আৰম্ভ

barkala

নগাঁৱৰ  পৰা ঋতু পৰ্ণ শৰ্মা :

নগাঁও জিলাৰ বেবেজীয়াৰ  সমীপৰ আগশাৰীৰ শিক্ষানুষ্ঠান বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  ন-পুৰণি সতীৰ্থৰ সাংস্কৃতিক  মঞ্চ "প্ৰয়াস"ৰ উদ্যোগত বুধবাৰৰ  পৰা  এখনি পাঁচদিনীয়া বিহু কৰ্মশালা আৰম্ভ হৈছে । এই  উপলক্ষে  বুধবাৰে বিদ্যালয় প্ৰাংগনত  এক উৎসৱমুখৰ পৰিবেশত কৰ্মশালাখনি  উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা বিশিষ্ট সাহিত্যিক-কবি মনজিৎ সিঙে । উদ্বোধনী ভাষণ প্ৰসংগত সিঙে সাংস্কৃতিক মঞ্চ "প্ৰয়াস"ৰ  কাৰ্যসূচীক ভূয়সী প্ৰশংসা কৰাৰ লগতে বিহুক বিশুদ্ধ ৰূপত জীয়াই ৰাখিবলৈ  এনে কৰ্মশালাৰ প্ৰয়োজন  আছে বুলি মত প্ৰকাশ কৰে ।barkala2

অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ-সভাপতি কমলা ডেকাই । "প্ৰয়াস"ৰ সভাপতি যোগ প্ৰসাদ  বৰদলৈৰ  সভাপতিত্বত অনুষ্ঠিত কৰ্মশালা শুভাৰাম্ভ অনুষ্ঠানত বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিং,বিষয় শিক্ষক ললিত চন্দ্ৰ নাথ,অৰুণ জ্যোতি বৰা,সমাজকৰ্মী দীপক সিং, মাণিক বৰদলৈ, হৰবিন্দ সিং, কন্দৰ্প কুমাৰ লস্কৰ আদি উপস্থিত থাকি ভাষণ প্ৰদান কৰে । উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে বিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ শিক্ষক তথা "প্ৰয়াস"ৰ মূখ্য সম্পাদক ভদ্ৰ কান্ত ডেকাই ।

উল্লেখযোগ্য যে পাঁচদিনীয়া কৰ্মশালাত প্ৰশিক্ষকৰূপে  উপস্থিত আছে মৰিগাঁও জিলাৰ ধৰমতুলৰ শিল্পী সুদ্দীপ্ত ডেকা,হৰেণ দাস,গৌৰৱ ডেকা,বিকাশ দাস,ৰঞ্জু দাসৰ লগতে "প্ৰয়াস"ৰ বহুকেইজন সদস্য-সদস্যা । কৰ্মশালাত অঞ্চলৰ প্ৰায় দুই শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিছে । কৰ্মশালাৰ লগত সংগতি ৰাখি অহা ১১মে' শনিবাৰে অঞ্চলটোৰ বিভিন্ন স্থানত "বাটৰ বিহু" পৰিবেশন কৰাৰ লগতে ১০মে' দেওবাৰে দিনৰ ১বজাৰ পৰা "মুকলি বিহু" আৰু সামৰণী অনুষ্ঠান হ'ব বুলি 
উদোক্তাসকলে নিউজ এ এছ এনক জানিব দিয়ে ।

Your Comments