মন্ত্ৰী হিমন্তক আক্ৰমণৰ প্ৰতিবাদ:লংকাৰ ৰাজপথত  মমতা বেনাৰ্জীৰ প্ৰতিকৃতি দাহ

himanta

লংকাৰ পৰা মনোজ কুমাৰ পাঠক

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভেৰোনীয়া গুণ্ডাই 'নেদা'ৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মা,পশ্চিম বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষৰ লগতে দলীয় কৰ্মীক আক্ৰমণ কৰাৰ ঘটনাৰ এতিয়া অসমৰ বিভিন্ন স্থানত প্ৰতিবাদ হৈছে।হোজাইতো অনুষ্ঠিত হৈছে প্ৰতিবাদী কাৰ্যসূচী।লংকা চহৰৰ মাজমজিয়াত আজি যুৱমৰ্চা আৰু সংখ্যালঘু মৰ্চাই  মমতা বেনাৰ্জীৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে এটা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। 


গণতান্ত্ৰিক দেশত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ৰাজনৈতিক দলৰ কৰ্মীক এইদৰে বিৰোধী দলে কৰা আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে এনেধৰণৰ আক্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে যুৱমৰ্চাই।


অনাগত দিনত এনে ঘটনাৰ পুনৰাবৃত্তি হ'লে,তাৰ প্ৰত্যুত্তৰ পাবলৈ সাজু থাকিব লাগিব বুলি  মমতা বেনাৰ্জীক উদ্দেশ্য কৰি কয় যুৱমৰ্চাই।

Your Comments