নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ খাটগুৰি বেবেজীয়া যুৱ সমাজৰ উদোগত অহা ১০আৰু ১১ মে'ত দুদিনীয়া কাৰ্যসূচীৰে ১৬সংখ্যক ৰঙালী বিহু উৎসৱৰ আয়োজন কৰা হৈছে । এই উপলক্ষে বেবেজীয়া ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত বিহু উৎসৱৰ কাৰ্যসূচী অনুসৰি ১০মে'ত পুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কৰিব ক্ৰমে উদযাপন সমিতিৰ সভাপতি নকুল সেনাপতি,বেবেজীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰহ্লাদ নাথ আৰু সোনধৰ বৰদলৈ তথা ভৱেন বৰদলৈয়ে ।
ইয়াৰ পাছতে মাৰাথন দৌৰ আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । বিয়লি আৰু সন্ধিয়া সম্পন্ন হ'ব বঁটা বিতৰণীৰ লগতে বিচাৰক আৰু দাতাসকলৰ আদৰণী অনুষ্ঠান । নিশা সদৌ অসম ভিত্তিত বিহু কন্যা আৰু আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । বিহু মঞ্চ উদ্বোধন কৰিব তিৱা স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ বিদ্যুৎ বৰদলৈয়ে । ১০মে'ৰ সাংস্কৃতিক অনুষ্ঠানত সোণটি বৰদলৈয়ে গীত পৰিবেশন কৰিব ।
সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ সভাপতি দিগন্ত কুমাৰ নাথে । উল্লেখযোগ্য যে বিহু কন্যা প্ৰতিযোগিতাত তিনি স্থানপ্ৰাপ্ত দলক ক্ৰমে ৫০০১, ৪০০১,৩০০১টকা আৰু মানপত্ৰৰ লগতে শ্ৰেষ্ঠ ঢুলীয়া,শ্ৰেষ্ঠ বিহুৱা,শ্ৰেষ্ঠ গগণা বাদক আৰু শ্ৰেষ্ঠ পেপুৱাক ক্ৰমে ১০০১,৫০১,৭০১ ,৫০১টকা আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হ'ব । আনহাতে মাৰাথন দৌৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ স্থানপ্ৰাপ্ত চাৰিজনক ২০০১ ,১৫০১,১০০১ আৰু ৫০১ টকা আৰু মানপত্ৰৰ লগতে আধুনিক নৃত্যত তিনি স্থানপ্ৰাপ্তক ২৫০১,২২০২ আৰু ১৫০১ টকা আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হ'ব বুলি বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি নকুল সেনাপতি আৰু সম্পাদক চান্টু পাটৰে নিউজ এ এছ এনক জনাইছে ।
ইপিনে বেবেজীয়াৰ সমীপৰ ডিমৌ চাৰিআলিত ৩৭সংখ্যক আঞ্চলিক ৰঙালী বিহু উৎসৱৰ আয়োজন কৰা হৈছে বুলি সভাপতি লক্ষ্মীকান্ত দাস আৰু সম্পাদক চানু ডেকাই জনাইছে । ডিমৌ চাৰিআলিৰ নাট্যশ্ৰী উমাৰাম কাকতি নাট্য চ'ৰাত অনুষ্ঠিত হ'ব লগীয়া বিহুৰ কাৰ্যসূচী অনুসৰি ১০ মে'ত পুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰ অন্তত মাৰাথান দৌৰ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ।
বিয়লি স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানৰ অন্তত সন্ধিয়া দাতাসকলৰ সম্বৰ্ধনা আৰু মুকলি বিহু আৰু জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰাৰ লগতে নিশা সদৌ অসম ভিত্তিত বিহুৱতী আৰু বিহুকন্যা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ।
উল্লেখযোগ্য যে বিহুৱতী প্ৰতিযোগিতাত তিনি স্থানপ্ৰাপ্তক ১২২২২, ৭০০১আৰু ৫০০১টকা তথা মানপত্ৰ, বিহুকন্যা প্ৰতিযোগিতাত তিনি স্থানপ্ৰাপ্তক ৫৫৫৫, ৩০০১ আৰু ২০০১টকা তথা মানপত্ৰ তথা মাৰাথন দৌৰ প্ৰতিযোগিতাত স্থানলাভ কৰা পাঁচজনক
ক্ৰমে ২৫০০, ২০০১, ১০০১,৭০১ আৰু ৫০১টকা আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হ'ব বুলি উদ্যোক্তাসকলে নিউজ এ এছ এনক জনাইছে।
- Log in to post comments
- 47 views