নগাঁৱৰ পৰা ৱাহিদুদ জামান
এনআৰচিৰ আপত্তি নিস্পত্তিৰ শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে কিছুমান চাঞ্চল্যকৰ কথা পোহৰলৈ অহাত সৰ্বসাধাৰণ ৰাইজৰ চকু কপালত তুলিছে।আনকি, এনআৰচিৰ কামত নিয়োজিত বিষয়া-কৰ্মচাৰী আৰু দুই-তিনি বছৰীয়া শিশুও সাৰি যোৱা নাই। আজি এগৰাকী ৬ বছৰীয়া শিশুৰ নামত ভুৱা আপত্তি দাখিল কৰাৰ তথ্য পোহৰলৈ আহিছে।প্ৰাপ্ত তথ্য মতে, নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত কচুৱাৰ চান্দখলাৰ আবু তাহেৰ নামৰ লোকজনৰ ২৪ জন সদস্যৰ ভিতৰত এগৰাকী ৬ বছৰীয়া কণ্যা শিশুৰ নাগৰিকত্বত সন্দেহৰ প্ৰশ্ন তুলি এনআৰচি বিৰোধী চক্ৰটোৱে ভুৱা আপত্তি দাখিল কৰিছে।
উল্লেখ্য যে, আবু তাহেৰৰ ২৪ জনীয়া পৰিয়ালটোৰ ভিতৰত জেছমিনা চুলতানাৰ নামত এই আপত্তি দাখিল কৰা হৈছিল।ইতিপূৰ্বে প্ৰকাশিত এনআৰচিৰ খচৰা তালিকাত জেছমিনা চুলতানাসহ পৰিয়ালটোৰ ২৪ গৰাকী সদস্যৰ নাম প্ৰকাশ হৈছে। জেছমিনাৰ পিতৃ জাকিৰ হুছেইনৰ নামো এনআৰচিৰ খচৰা তালিকাত অন্তৰ্ভুক্ত হৈছিল।এই ২৪ জনীয়া পৰিয়ালৰ আন কাৰোৰে বিৰুদ্ধে আপত্তি দাখিল নকৰি কেৱল শিশু জেছমিনাৰ বিৰুদ্ধে আপত্তি দাখিল কৰা কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে। মন কৰিবলগীয়া বিষয় এই যে আজি এই সন্দৰ্ভত জিলাখনৰ ধিঙৰ বটদ্ৰৱা উন্নয়ন খণ্ড কাৰ্যালয়ত থকা শুনানি কেন্দ্ৰত হোৱা শুনানি কালত আপত্তিকাৰীৰ কোনো লোক উপস্থিত নহ'ল।
- Log in to post comments
- 14 views