চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত নগাঁৱ কেন্দ্ৰীয় বিদ্যালয়ৰ ১০০ % উত্তীৰ্ণ

nagaon

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :

সদ্যঘোষিত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ডৰ দ্বাৰা
পৰিচালিত দশম শ্ৰেণীৰ পৰীক্ষাত  নগাঁৱৰ কেন্দ্ৰীয় বিদ্যালয়ে ১০০ শতাংশ পৰীক্ষাৰ্থী  উত্তীৰ্ণ  হৈ সফলতা কঢ়িয়াই আনিছে । ঘোষিত ফলাফল অনুসৰি বিদ্যালয়ৰ ২১ গৰাকী পৰীক্ষাৰ্থীয়ে ৯০শতাংশতকৈ  অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

এইবাৰৰ  ফলাফলত  ছাত্ৰী মৃদুস্মিতা হাজৰিকাই ৯৭ শতাংশৰে  প্ৰথম স্থান  লাভৰে সংস্কৃত বিষয়ত সৰ্বোচ্চ ১০০ নম্বৰ লাভ কৰে । তদুপৰি কৌৱেল বৰা আৰু গীতিকা বৰাই ক্ৰমে ৯৬.৬ আৰু ৯৬.৪ শতাংশ  লাভৰে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে । ইয়াৰে কৌৱেল বৰা,ইন্দ্ৰানী দাস আৰু অনিন্দিতা দাসে  সৰ্বোচ্চ ১০০ শতাংশ নম্বৰ লাভ কৰে  সমাজ বিজ্ঞান বিষয়ত ।

নগাঁও কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ  সঞ্জয় সৰকাৰে কৃতীমান ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰি কয় যে বিদ্যালয়ৰ সুসংগঠিত অনুশাসন,শ্ৰেণীৰ পাঠদানৰ ওপৰত তীক্ষ্ণ নজৰ, বিদ্যালয়ৰ পৰীক্ষা সমূহ তন্ন তন্নকৈ  পৰ্যবেক্ষণ, শিক্ষক-শিক্ষয়িত্ৰীসকলে  কৰা  কঠোৰ শ্ৰম,ছাত্ৰ-ছাত্ৰীৰ অধ্যৱসায় আদিৰ বাবে বিদ্যালয়খনে বিৰল কৃতিত্ব
অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

Your Comments