ৰাজীৱ পাতিৰ,মাজুলী৮ মে:
ব্ৰহ্মপুত্ৰ ব’ৰ্ডে মাজুলীত চলোৱা লুণ্ঠনৰাজৰ প্ৰতিবাদত আজি কমলাবাৰীত মাজুলী মহকুমা ছাত্ৰ সন্থাই বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ ২০০৪ চনৰ পৰা মাজুলী সুৰক্ষাৰ নামত কৰি থকা ভেঁকোভাওনাত ক্ষুন্ন হৈ মাজুলী মহকুমা ছাত্ৰ সন্থাই উত্তাল কৰি তোলে কমলাবাৰীৰ ৰাজপথ । উক্ত কাৰ্যসূচীত উপস্থিত থাকি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সূৰ্য কুমাৰ ভূঞাই ব্ৰহ্মপুত্ৰ ব'ৰ্ডক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে মাজুলীৰ পৰা অতিশীঘ্ৰে অপসাৰণৰ দাবী তোলে । লগতে দুৰ্নীতিৰ লগত জড়িত থকা ব'ৰ্ডৰ বিষয়া-কৰ্মচাৰী, টি কে কোম্পানীৰ ঠিকাদাৰ আদি সকলোকে গ্ৰেপ্তাৰৰ দাবী তোলে ।
যি পৰ্যন্ত মাজুলীৰ স্থায়ী সুৰক্ষা নিশ্চিত নহ'ব সেই পৰ্যন্ত মাজুলী মহকুমা ছাত্ৰ সন্থা ক্ষান্ত নাথাকে বুলি উল্লেখ কৰে ৷ মাজুলী মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা পবিত্ৰ গোস্বামীয়ে কয় যে ব্ৰহ্মপুত্ৰ ব'ৰ্ডে মাজুলীত বছৰ বছৰ ধৰি লুটি পুটি খালে যাৰ ফলত এতিয়া হাহাঁকাৰ কৰিবলগীয়া হৈছে মাজুলীৰ নৈপৰীয়া ৰাইজে ৷ জিঅ’বেগেৰে কাম কৰি খহনীয়া ৰোধৰ চেষ্টা কৰা টি কে কোম্পানীয়ে জিঅ’বেগৰ ভিতৰত বালি ভৰোৱাৰ পৰিৱৰ্তে জিঅ’বেগকে ভৰাই বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰি মাজুলীক বিপদলৈ ঠেলি দিছে; ই কেতিয়াও গ্ৰহণ যোগ্য নহয় ৷তেওঁ অতি শীঘ্ৰে ব্ৰহ্মপুত্ৰ ব'ৰ্ড আৰু টি কে কোম্পানীৰ ঠিকাদাৰ অভিযন্তাক গ্ৰেপ্তাৰ কৰিবলৈও দাবী জনাইছে ৷
সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাৰ নেতৃত্বত হোৱা কাৰ্যসূচীত ছাত্ৰ সন্থাৰ সদস্য সকলৰ লগতে খহনীয়াত আক্ৰান্ত ভকতচাপৰি অঞ্চলৰ কেইবাশ লোকেও অংশ গ্ৰহন কৰে ৷ উপ-সভাপতি দীপক নেওগ কমলাবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পংকজ বৰুৱা সম্পাদক প্ৰাঞ্জল শইকীয়াই ক্ষোভ প্ৰকাশ কৰি কয় খহনীয়া আক্ৰান্ত অঞ্চলত জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত উপায়ুক্ত নৰেন দাস আৰু অতিৰিক্ত আয়ুক্ত অচ্যুত বৰুৱা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছিল যদিও বৰ্তমানেও দুৰ্নীতিত লিপ্ত ব্যক্তিসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰা নাই ৷ ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ দোষী বিষয়া কৰ্মচাৰী আৰু লগতে টি কে কোম্পানীৰ যিসকল ঠিকাদাৰ দুৰ্নীতিত লিপ্ত আছে তেওঁলোকক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী তোলে ৷
ছাত্ৰ সন্থাই দোষীক উচিত শাস্তি প্ৰদান নকৰিলে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দিয়ে ৷ কমলাবাৰীত বৰষুণকো নেওচি ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে অংশ গ্ৰহন কৰি ব্ৰহ্মপুত্ৰ গবেগ,কেন্দ্ৰীয় চৰকাৰ হায় হায়,টি কে কোম্পানী মূৰ্দাবাদ,দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি ব্যৱস্থা গ্ৰহণ কৰক, ,আমাৰ দাবী মানিবই লাগিব,আচঁনি ৰূপায়ণৰ নামত লুন্ঠৰাজ নচলিব, মাজুলীৰ সুৰক্ষা নিশ্চিত কৰক,অসম চৰকাৰ হায় হায় আদি বিভিন্ন শ্ল'গানেৰে মাজুলীৰ আকাশ বতাহ উত্তাল কৰি তোলে ৷ ফলত প্ৰায় দুঘন্টা সময় কমলাবাৰীৰ জনজীৱন স্তব্ধ হৈ পৰে ।
ছাত্ৰ সন্থাই মাজুলী সুৰক্ষাৰ ধন যাতে কোনো সুৰুঙাৰে আত্মসাৎ কৰিব নোৱাৰে তাৰ বাবে চোকা নজৰ দিবলৈ জিলা প্ৰশাসনক আহ্বান জনায় ৷ অন্যথা মাজুলীত হ’ব লগীয়া অনাকাংক্ষিত পৰিস্থিতিৰ বাবে ছাত্ৰ সন্থা জগৰীয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে ৷
- Log in to post comments
- 7 views