নগাঁৱৰ আনুপূৰ্ব্বিক চিত্র-ভাস্কৰ্য্য বিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠান সম্পন্ন

nagaon

ৱাহিদুদ জামান, নগাঁও, ৮মে' :

নগাঁৱৰ অগ্ৰণী সাংস্কৃতিক শিক্ষানুষ্ঠান আনুপূৰ্ব্বিক চিত্র-ভাস্কৰ্য্য বিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠান কালি সম্পন্ন হৈ যায়। তদুপলক্ষে কালি নগাঁৱৰ বেঙ্গলী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে আনুপূৰ্ব্বিক চিত্র-ভাস্কৰ্য্য বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ধনঞ্জয় তালুকদাৰে। সভাৰ আৰম্ভণিতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রী সকলে ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰা হয়। ইয়াৰ পিছত আমন্ত্রিত ব্যক্তি সকলৰ দ্বাৰা বন্তী প্ৰজ্বলনেৰে অনুষ্ঠানটো আনুষ্ঠানিক ভাবে মুকলি কৰা হয়।nagaon2

এই অনুষ্ঠানত বিভিন্ন দিশত শ্ৰেষ্ঠতা অৰ্জন কৰা বিশেষকৈ আনুপূৰ্ব্বিক চিত্র-ভাস্কৰ্য্য বিদ্যালয়ৰ দ্বাৰা পৰিচালিত অৱলাদেৱী প্ৰাথমিক বিদ্যালয় আৰু নগাঁও বাঙ্গালী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত অৱস্থিত দুয়োখন চিত্ৰ- ভাস্কৰ্য্য বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীৰ প্ৰথম, দ্বিতীয়, তৃতীয় স্থান প্ৰাপ্ত ছাত্র-ছাত্রী সকলক পুৰস্কৃত কৰা হয়। প্ৰথম স্থান প্ৰাপ্ত ছাত্র-ছাত্রী সকল ক্ৰমে- ৰিম্পী দাস, কুৰবান আলী, অভিস্মিতা গোস্বামী, ৰনবীৰ দাস, অম্লান জ্যোতি দাস, স্নেহা বৰা, নিপজ্যোতি বৰদলৈ, বিশাল দাস। চুড়ান্ত বৰ্ষৰ শ্ৰেষ্ঠ ছাত্র বঁটা লাভ কৰা বিশাল দাস, বৰ্ষৰ শ্ৰেষ্ঠ সচেতন বঁটা লাভ কৰা অভিজিৎ দাস, শ্ৰেষ্ঠ চিত্রকৰ বঁটা লাভ কৰা পুনম দাস, শ্ৰেষ্ঠ ৰং বঁটা শিতানত হিতেশ দত্ত, শ্ৰেষ্ঠ ভাস্কৰ্য্য বঁটা শিতানত তৃষা দত্তলৈ বিশেষ বঁটা আগবঢ়োবা হয়।

এবছৰীয়া ডিপ্লোমা পাঠ্যক্ৰমৰ শ্ৰেষ্ঠ ছাত্র বঁটা লাভ কৰা ত্রিবেণী বৰা, বৰ্ষৰ শ্ৰেষ্ঠ সচেতন বঁটা লাভ কৰা অনিশা শৰ্মা, শ্ৰেষ্ঠ চিত্রকৰ বঁটা লাভ কৰা প্ৰাপ্তি গোস্বামী, শ্ৰেষ্ঠ ভাস্কৰ্য্য বঁটা লাভ কৰা ৰশ্ৰয়িতা দাস, শ্ৰেষ্ঠ ৰং বঁটা লাভ কৰা পেনাজ ছিৰিন লৈ সম্বৰ্ধনা জনোৱা হয়। বছৰটোত শতকৰা এশ শতাংশ শ্ৰেণীত উপস্থিত থকা আৰু তত্ব বিভাগত এশ নম্বৰ লাভ কৰা ছাত্র-ছাত্রী সকলকো বঁটা প্ৰদান কৰা হয়। ৰাজ্যিক ভিত্তিক চিত্রাংকন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি স্কুললৈ সুনাম কঢ়িয়াই অনাৰ বাবে ৰনবীৰ দাস আৰু পৰিস্মিতা দত্তক বিশেষ বঁটা আগবঢ়োবা হয়।

২০১৮-১৯ বৰ্ষৰ শ্ৰেষ্ঠ শিক্ষক-শিক্ষয়িত্রীৰ বঁটা লাভ কৰে ক্ৰমে- অৰিজিত দাস, দ্বীপজ্যোতি দাস, প্ৰিয়া সাহা, মধুছন্দা দে, মন্দিৰা সাহা আৰু কংকনা দেৱক বিশেষ বাবে সম্বৰ্ধনা জনোৱি হয়। উক্ত অনুষ্ঠানত বিশিষ্ট আমন্ত্রিত অতিথি হিচাবে উপস্থিত আছিল নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত অশ্বিনী কুমাৰ দলৈ, উপ-পৌৰপতি মৃনালিনী ৰয়, কৃতি শিক্ষক ৰবীন্দ্ৰ চন্দ্ৰ দাস, বিশিষ্ট অধিবক্তা মুহিবুদ্দিন আহমেদ, অধ্যাপক চিন্তামনি শৰ্মা, চিত্রশিল্পী টিকেন্দ্ৰজিৎ শইকীয়া, বিদ্যালয়ৰ প্ৰধান শিক্ষক নাৰায়ন মজুমদাৰ, নাট্যকাৰ ৰনদ্বীপ নন্দী, নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকা, দ্বীপেন শইকীয়া, ভাস্কৰজ্যোতি শইকীয়া, প্ৰসেনজিৎ মণ্ডলকে আদি কৰি নগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত সৰ্ব্বমুঠ ৪৪ জন ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

আনুপূৰ্ব্বিক চিত্র-ভাস্কৰ্য্য বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ দাসৰ লগতে শিক্ষয়িত্রীদ্বয় স্নিগ্ধা ভট্ট দাস আৰু প্ৰিয়ংকা দাসৰ নেতৃত্বত পৰিৱেশিত জাতীয় সংগীতেৰে অনুষ্ঠানৰ সফল সামৰণি পৰে। 

Your Comments