টংলাৰ প্ৰতিবেদক :
টংলা: মঙ্গলদৈ-ভূটিয়াচাং পথৰ টোকনকাটা দলংৰ ওপৰত হোৱা এক শোকৱহ পথ দুঘটনাত এগৰাকী যুৱতীয়ে কৰুণ ভাৱে মৃত্যুক সাৱতি লয়।
নিজা স্কুটিৰে কলাইগাওঁ দিশৰ পৰা টংলালে গৈ থকা অৱস্থাত টোকানকাটা দলংৰ ওপৰত এখন ড্ৰাম্পাৰৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলত ঘটনাস্থলীতে নিহত হয় টংলা মাজগাঁওৰ যুৱতী প্ৰল্লৱী শৰ্মা।
ঘটনাৰ পিছতে উত্তেজিত ৰাইজে খেদি খেদি ড্ৰাম্পাৰ খন দলা চকত জব্দ কৰি ড্ৰাম্পাৰ জনৰ চালক ধৰি উত্তম মধ্যম দিয়ে।
- Log in to post comments
- 43 views