শিৱসাগৰত দলং সংযোগী পথ নিৰ্মাণত দুৰ্নীতি: বিষয়া ঠিকাদাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

path

কল্যাণজোতি বুঢ়াগোহাঁই, শিৱসাগৰ

শিৱসাগৰ জিলাৰ আখৈফুটীয়া ঘাটৰ আখৈফুটীয়া আৰু চৰগুৱা সংলগ্ন পকী দলংৰ দুয়োকাষৰ সংযোগী পথ অতি নিম্ন মানৰ হোৱাৰ বাবে পকী পথটো ফাটি গৈছে। যাৰ বাবে  গড়কাপ্তানি বিভাগৰ বিষয়া আৰু এচ এচ ইঞ্জিনিয়াৰ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ডিমৌ থানাত  এজাহাৰ দাখিল কৰিছে সাংবাদিক যদুমণি বড়াই। 

উল্লেখ্য যে গড়কাপ্তানি বিভাগৰ নাজিৰা ৰাজ্যিক পথ সংমণ্ডল বিভাগে এচ এচ ইঞ্জিনিয়াৰ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ জৰিয়তে চাৰি কোটিতকৈ অধিক টকা ব্যয় সাপেক্ষে দিচাং নদীৰ ওপৰত  আখৈফুটীয়া আৰু চৰগুৱা সংযোগী এখন পকী দলং নিৰ্মাণ কৰিছে। কিন্ত গড়কাপ্তানি বিভাগে দলংখন সৰ্বসাধাৰণ ৰাইজৰ বাবে আনুষ্ঠাননক ভাৱে মুকলি কৰি দিয়াৰ প্ৰাকক্ষণত দলংখনৰ সংলগ্ন পকী পথ চোৱা ফাটি যোৱা দেখা গৈছে। তাৰোপৰি পকী পথচোৱাৰ এই ফাট আহি দলংখনৰ একেবাৰে কাষলৈ সম্প্ৰসাৰিত হোৱা দেখা গৈছে।

গড়কাপ্তানি বিভাগৰ  নাজিৰাস্থিত ৰাজ্যিক পথ সংমণ্ডল তথা এই দলং আৰু দলংখনৰ সন্মুখৰ পথ নিৰ্মাণৰ তদাৰক কৰা বিভাগটোৰ কাৰ্যবাহী অভিযন্তা আৰু সহকাৰী কাৰ্যবাহী অভিযন্তাৰ লগতে ঠিকাদাৰী প্ৰতিষ্ঠান এচ এচ ইঞ্জিনিয়াৰৰ লগত জড়িত ঠিকাদাৰ সকলৰ চুড়ান্ত দূৰ্নীতিৰ বাবেই সম্প্ৰতি পথচোৱা খহি গৈছে আৰু দলংখনলৈ ভাবুকি আহিছে বুলি অভিযোগ উত্থাপন কৰি শিৱসাগৰৰ সাংবাদিক যদুমণি বড়াই আজি ডিমৌ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ জড়িয়তে সাংবাদিক জনে এক উপযুক্ত তদন্ত কৰি দোষী চৰকাৰী বিষয়া আৰু ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

Your Comments