# শিৱসাগৰত অৱহেলিত শিল্পীৰে ‘সুৰ জাগৃত মঞ্চ’ গঠন

কল্যাণজোতি বুঢ়াগোহাঁই, শিৱসাগৰ ৮ মেঃ

অৱহেলিত শিল্পীসকলক এখন মঞ্চ দিয়াৰ লক্ষ্যৰে যোৱা মে'ত শিৱসাগৰৰ তৰুণ সংঘ ৰিডিং ক্লাবত ন-পুৰণি শিল্পী আৰু সাংস্কৃতিক কৰ্মীসকল লগ হৈ ‘সুৰ জাগৃত মঞ্চ’ শীৰ্ষক এখন মঞ্চ গঠন কৰা হয়। বিশিষ্ট শিল্পী তথা চিকিৎসক ডাঃ প্ৰবুদ্ধ প্ৰসাদ চেতিয়াক সভাপতি, আতিকুৰ ৰহমানক কাৰ্যকৰী সভাপতি, কৰুণা দত্ত আৰু খাইৰুদ্দিন আহমেদক উপ-সভাপতি, নিবন্ধকাৰ চামচুল বাৰিকক সম্পাদক, নইম হামিদ আৰু ৰাজেন্দ্ৰ যোশীক যুটীয়া সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হৈছে। অসমৰ সকলো জনগোষ্ঠীৰ কলা-সংস্কৃতি প্ৰকাশৰ বাবে মঞ্চখনে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি সম্পাদক চামচুল বাৰিকে জানিবলৈ দিয়ে। মঞ্চখনে ঈদৰ ঠিক পাচতেই প্ৰচাৰৰ পৰা অাঁতৰত থকা তথা কোনোদিনে মঞ্চত গীত পৰিবেশন নকৰা শিল্পীসকলক লৈ নগৰৰ মাজমজিয়াত ‘ঈদৰ সুৰৰ মঞ্চ’ নামৰ এক বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰি ৰাইজৰ সহায়-সহযোগ কামনা কৰিছে। এই সম্পৰ্কত যিকোনো কথা জানিবলৈ আগ্ৰহী ব্যক্তিয়ে সম্পাদকৰ ৯১০১২৩৯৬৩০ নম্বৰত যোগাযোগ কৰিব পাৰিব।

Your Comments