এনআৰচি উন্নীতকৰণৰ নামত ধৰ্মীয় সংখ্যালঘূ ৰাইজক হাৰাশাস্তিৰ অভিযোগ

tamul

তামুলপুৰৰ পৰা অভিজিৎ তালুকদাৰ

 

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ দাবী আৰু আপত্তি নিস্পত্তিকৰণ পৰ্যায়ত একাংশ দল- সংগঠনে ষড়যন্ত্ৰমূলকভাৱে ধৰ্মীয় সংখ্যালঘু ৰাইজক শাৰীৰিক,মানসিক আৰু আৰ্থিকভাৱে হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তামুলপুৰ জিলা এবি এমছুৱে।এক প্ৰেছ বিবৃতিযোগে তামুলপুৰ জিলা এবি এমছুৱে এই সন্দৰ্ভত কয় যে অসমত এখন শুদ্ধ এনআৰচি প্ৰস্তুত হোৱাত বাধা দিয়াৰ উদ্দেশ্যেৰে বিভিন্ন ভিত্তিহীন আৰু মনেসজা আপত্তি দাখিল কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ তামুলপুৰ মহকুমাত অৱসৰপ্ৰাপ্ত শিক্ষক, কেইবাজনো সমাজৰ নেতৃস্থানীয় ব্যক্তিৰ বিৰুদ্ধে  একাংশ আছু কৰ্মীয়ে ভিত্তিহীনভাৱে আপত্তি দাখিল কৰিছে।বহুক্ষেত্ৰত এনে আপত্তিৰ শুনানি কালত আপত্তিকাৰী আছু কৰ্মীজন উপস্থিত নথকাত প্ৰকৃত সত্য পোহৰলৈ আহিছে।সেয়েহে তামুলপুৰ জিলা এবি এমছুৱে বাক্সা জিলা আছুক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে।যদি সঁচাকৈয়ে এনআৰচিৰ চূড়ান্ত খচৰাত বিদেশীৰ নাম অন্তৰ্ভূক্ত হৈছে, তেন্তে সেয়া তথ্যসহ প্ৰমাণ কৰি তেনে বিদেশীৰ নাম তামুলপুৰ জিলা  এবি এমছুৱেও বিচাৰিছে। কিন্তু একমাত্ৰ নাম আৰু উপাধিৰ বাবেই সন্দেহৰ ভিত্তিত প্ৰকৃত ভাৰতীয় নাগৰিকক কৰা হাৰাশাস্তি কেতিয়াও মানি লোৱা নহ'ব। সেই ভুৱা আপত্তিকাৰীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজ বদ্ধপৰিকৰ।

 

এনে অদূৰদৰ্শী কৰ্মকাণ্ডই বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বিৰূপ প্ৰভাৱ পেলাব পাৰে।কাৰণ, আছু আৰু সহযোগী ছাত্ৰ সংগঠনৰ নেতৃত্বত দাখিল কৰা এইসমূহ আপত্তি একমাত্ৰ নাম আৰু উপাধি চাইহে তথ্যহীনভাৱে দাখিল কৰাটো পৰিলক্ষিত হৈছে। এসময়ৰ  সদৌ  অসম ছাত্ৰ সন্থাৰ  পুঠিমাৰী আঞ্চলিকৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা তথা কুমাৰীকাটা এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাছিৰুদ্দিন আহমেদৰ দৰে শিক্ষাবিদ এজনৰ নামতো আপত্তি দাখিল হোৱাটো ইয়াকেই প্ৰমাণ কৰিছে।  এবি এমছুৱে এখন শুদ্ধ, আইন সন্মত এনআৰচি প্ৰস্তুত হোৱাটো বিচাৰে বুলি উল্লেখ কৰি এই প্ৰক্ৰিয়াত ভুৱা আপত্তিৰে বেমেজালিৰ সৃষ্টি কৰি প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা কাৰ্যক গৰিহণা দিয়ে,লগতে এনআৰচি কৰ্তৃপক্ষক ভুৱা আপত্তিসমূহ খাৰিজ কৰিবলৈ দাবী জনাইছে ।ইফালে, তামুলপুৰ জিলা এবি এমছুৱে আজি বাক্সা জিলা  ডিআৰচিআৰলৈ এই সন্দৰ্ভত এক স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।ইফালে,শিক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত তেওঁ এজন প্ৰাক্তন ছাত্ৰনেতা হিচাপে দুখ প্ৰকাশ কৰি তেওঁৰ ওপৰত দিয়া অভিযোগ উঠাই ল'বলৈ আহ্বান জনাইছে।

Your Comments