কাইলৈ নদলাত ১১৯ সংখ্যক চৌ পূজা মহোৎসৱৰ আয়োজন

asn

নলবাৰীৰ পৰা হেমন্ত কলিতা

 

পশ্চিম নলবাৰীৰ নদলাত অহা ৯ মে'ত ঐতিহ্যমণ্ডিত নদলা কেঁচাইখাইটী থানত  দিনজোৰা কাৰ্যসূচীৰে ১১৯ সংখ্যক বাৰ্ষিক চৌ পূজাৰ আয়োজন কৰা হৈছে৷ইয়াৰ বাবে হৰেন বৰ্মনক সভাপতি, ৰমেশ কাকতিক উপ- সভাপতি,বিপিন কাকতিক সম্পাদক হিচাপে লৈ এখন পূজা পৰিচালনা সমিতি গঠন কৰা হৈছে।


পূজাৰ কাৰ্যসূচী অনুসৰি ২৫ ব'হাগ (৯ মে’)ৰ পুৱা ৬-৩০ বজাত 'চৌ' নিৰ্মাণৰ কাম আৰম্ভ ,৭ বজাত পতাকা উত্তোলন।৮ বজাত বন্তি প্ৰজ্বলন কৰিব মন্দিৰৰ স্হায়ী দেউৰী কুসুম বৰ্মনে।ইয়াৰ পিছতে গছপুলি ৰোপণ কৰিব উপেন বৰ্মন,মুকুন্দ চৌধুৰী, মদন তালুকদাৰ আৰু শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ- ছাত্ৰীসকলে।ছহিদ তৰ্পণ কৰিব ৰমেশ কাকতি,প্ৰনৱ বৰ্মনে।পৰৱৰ্তী পৰ্যায়ত কামৰূপীয়া ঢুলীয়াৰ অনুষ্ঠান,চৌ স্হাপন আৰু পূজা আৰম্ভ কৰা হ'ব।দুপৰীয়া ১ বজাত পুস্পাঞ্জলি প্ৰদান । এই অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব।২ বজাত প্ৰসাদ আৰু ৰাজহুৱা ভোগ বিতৰণ কৰা হ'ব।৫ বজাত শোভাযাত্ৰা কৰি 'চৌ' বুঢ়াদিয়া নৈত বিসৰ্জন দিয়া হ'ব।


সন্ধিয়া আতচবাজী প্ৰজ্বলন আৰু নদলা গাঁওৰ আয়তীসকলে সমূহীয়া বন্তি প্ৰজ্বলন কৰিব।নাগাৰা নামৰ অনুষ্ঠান উদ্বোধন কৰিব নতুন দেহৰ জিলা পৰিষদৰ সদস্য ভাস্কৰ শৰ্মাই।নাগাৰা নাম পৰিৱেশন কৰিব চামতাৰ পাঠক দিলীপ হালৈৰ দলে । 


নিশা সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ উদ্বোধন কৰিব স্হানীয় গাও পঞ্চায়ত সভাপতি সুভাষ বৰ্মনে।মঞ্চত গীত-মাত পৰিৱেশন কৰিব গুৱাহাটীৰ কন্ঠশিল্পী ৰিংকী তৃষ্ণা আৰু প্ৰাণ বিনোদে।১১৯ সংখ্যক বাৰ্ষিক 'চৌ' পূজা মহোৎসৱৰ সকলো কাৰ্যসূচীতে ধৰ্মপ্ৰাণ ৰাইজৰ উপস্হিতি আৰু সহযোগিতা উদযাপন সমিতিয়ে শ্ৰদ্ধাৰে কামনা কৰিছে ৷

Your Comments