সৰুপথাৰৰ পৰা নবীন বৰা
গোলাঘাট জিলাৰ ধনশিৰী মহকুমাৰ অন্তৰ্গত চুঙাজান ৰে'ল ষ্টেচনৰ নতুনকৈ নিৰ্মাণ কৰিব লোৱা ষ্টপ লাইনৰ কাম চলি থকা সময়তে চুঙাজানৰ স্থানীয় একাংশ প্ৰাক্তন আছু কৰ্মীয়ে কাম বিচাৰি মহৰী ৰাম কানাই চন্দ্ৰক লগ ধৰে। ৰাম কনাইয়ে উক্ত লোককেইজনক প্ৰাক্তন আছু কৰ্মী বুলি গম পাইয়ে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্যক টকা দি আৰু জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থাক হাতৰ মুঠিত ৰাখিছোঁ বুলি মন্তব্য কৰি জাতীয় সংগঠনটোক জণসাধাৰণৰ আগত অপমান কৰে।সংগঠনটোৰ বিৰুদ্ধে এনেদৰে অপপ্ৰচাৰ কৰাৰ লগতে কাম বিচাৰি যোৱা প্ৰাক্তন ছাত্ৰ নেতাকেইজনকো দুৰ্ব্যৱহাৰ কৰে ৷ইমানতে ক্ষান্ত নাথাকি উক্ত ব্যক্তিজনে কোনো দল- সংগঠনকে নমনাৰ হুংকাৰ দিয়ে৷
উক্ত বিষয়টো সন্দৰ্ভত চুঙাজান আঞ্চলিক ছাত্ৰ সন্থাই চুঙাজান আৰক্ষী থানাত এটা গোচৰ তৰে৷ কিন্তু আজিৰ তাৰিখলৈকে গোচৰটোৰ কোনো মীমাংসা নোহোৱাত চুঙাজান থানাৰ আৰক্ষী বিষয়াজনক উক্ত মহৰীজনে বৃহৎ পৰিমাণৰ ধনেৰে মেনেজ কৰি থৈছে বুলি চুঙাজান ছাত্ৰ সন্থাৰ উপদেষ্টা সুভাষ শইকীয়াই প্ৰকাশ কৰিছে।
ইফালে,জাতীয় সংগঠনকঅপমান কৰা মহৰী ৰাম কানাই চন্দ্ৰক গ্ৰেপ্তাৰ কৰাৰ দাবীত চুঙাজান আঞ্চলিক ছাত্ৰ সন্থাই চুঙাজান থানাত অৱস্থান ধৰ্মঘট পালন কৰে।
- Log in to post comments
- 37 views