নলবাৰীৰ পৰা হেমন্ত কলিতা
বহু দিনৰে পৰা নলবাৰীত অব্যাহত আছে বালিৰ অবৈধ ব্যৱসায়।কৰ ফাঁকিৰে মুকলিকৈ চলিছে এই অবৈধ কাৰবাৰ৷বন বিভাগৰ আওকণীয়া আৰু কমিছনলোভী মনোভাৱৰ বাবেই দিনে-নিশাই এইদৰে চলি আছে বালিৰ ট্ৰাক তথা ডাম্পাৰ৷অবৈধ খনন আৰু বালি সৰবৰাহ মুকলিকৈ চলি থকাৰ পিচতো ৰহস্যজনকভাৱে মৌন হৈ আছে বন বিভাগৰ বৰমূৰীয়াসকল৷
ইফালে,নলবাৰী আৰক্ষীয়ে শেহতীয়াকৈ জব্দ কৰিছে এখন চালানবিহীন বালিভৰ্তি ডাম্পাৰ।আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ কৰা হয় চালানবিহীন এই ডাম্পাৰখন৷ দৈনিক আৰক্ষীৰ নাকৰ তলেৰেই পাৰ হৈ থকা এই অবৈধ বালিৰ ট্ৰাক তথা ডাম্পাৰসমূহে নলবাৰীত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। চালানবিহীনভাবে চলি থকা এই বালিভৰ্তি ডাম্পাৰখন মুকলি কৰি দিবলৈ ইতিমধ্যে এক গোপন বুজাবুজি চলি থকা বুলিও অভিযোগত প্ৰকাশ৷সাংবাদিকে ঘটনাৰ বুজ ল'বলৈ যোৱাৰ লগে লগে এই ডাম্পাৰখন অন্য ঠাইলৈ স্থানান্তৰিত কৰে আৰক্ষীয়ে।
- Log in to post comments
- 7 views