হাজোৰ পৰা কমলাকান্ত দাস
কুলহাটী নৱ মিলন সংঘৰ সোনালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি ৫০সংখ্যক বৃহত্তৰ কুলহাটী ৰঙালী বিহু সন্মিলনীয়ে অহা দহ মেত সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতা খনি মুকলি কৰিব লোকশিল্পী খৰ্গেশ্বৰ দাসে। প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ নগদ পোন্ধৰ হাজাৰ টকা, দ্বিতীয় পুৰস্কাৰ নগদ দহ হাজাৰ টকা , তৃতীয় পুৰস্কাৰ নগদ সাত হাজাৰ টকা। প্ৰতিযোগী সকলক কুলহাটী নৱ মিলন সংঘৰ সভাপতি গোবিন্দ ভৰালী আৰু সম্পাদক শৰৎ চন্দ্ৰ দাসৰ লগত যোগাযোগ কৰিবলৈ উদ্যোগতা সমিতিয়ে অনুৰোধ জনাইছে।
- Log in to post comments
- 21 views