বাটদ্ৰবাৰ পৰা মানস জ্যোতি মহন্তৰ প্রতিবেদন :
চলিত বৰ্ষৰ পহিলা ব'হাগৰ দিনা গঠন হোৱা সাহিত্য- সাংস্কৃতিক অাৰু সামাজিক অনুষ্ঠান "সুহৃদ"ৰ উদ্যোগত নগাঁও জিলাৰ চকলাঘাটৰ ফুলনিঅাটিত অৱস্থিত হাতীচোং শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনৰ বাকৰিত সোমবাৰে বিয়লি এক মনোজ্ঞ অন্তৰংগ অনুষ্ঠান সম্পন্ন হৈ যায় ৷
নৱগঠিত "সুহৃদ"ৰ সভাপতি তথা ক্ৰীড়া সংগঠক সমীৰ হাজৰিকাৰ পৰিচালনাত অনুষ্ঠিত উক্ত ব্যতিক্ৰমধৰ্মী অনুষ্ঠানটোত অংশগ্ৰহণ কৰি বেবেজীয়াৰ পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট নিবন্ধকাৰ পূৰ্ণ চন্দ্ৰ বেজবৰুৱাই কয় যে - সম্প্ৰতি অসমীয়া মানুহ ,বিশেষকৈ নতুন চামৰ অধিকাংশই কৰ্মবিমুখ হৈ পৰিছে ৷ উঠি অহা চামে খেতি -খোলা কৰাটো দূৰৰ কথা ,খেতি পথাৰত থকা ঘৰৰ মাটি কেইডৰাকে চিনি নাপায় ৷একালৰ শস্যে-মৎস্যে নদন বদন অসমীয়া গাঁওবোৰত এতিয়া শাক -পাচলি এডাল কৰি খোৱা মানুহৰ সংখ্যা তেনেই নগণ্য হৈ পৰিছে ৷তেওঁ লগতে কয় যে খেতি থাকিলেহে মাটি থাকিব আৰু মাটি থাকিলেহে জাতি থাকিব।
অনুষ্ঠানত ভাগ লৈ আন এগৰাকী সমল ব্যক্তি সুদক্ষ অভিনেতা তথা চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গণিতৰ অভিজ্ঞ শিক্ষক বিপুল চন্দ্ৰ শইকীয়াই কয় যে - আজি অামাৰ মানুহৰ সমাজ গঠন প্ৰক্ৰিয়াৰ অংকত গণ্ডগোল লাগিছে৷চূড়ান্তভাৱে অভিভাৱকহীন হৈ পৰিছে আমাৰ সমাজ জীৱন ৷ নিজৰ সৰু কালৰ দিনবোৰৰ কথা ৰোমন্থন কৰি তেওঁ কয় - আমাৰ দিনত ঘৰৰ পদূলি পাৰ হোৱাৰ পাছত গাঁওখন বা অঞ্চলৰ প্ৰতিজন জ্যেষ্ঠই আমাৰ অভিভাৱক আছিল ৷ কিবা বেয়া দেখিলেই শাসন কৰিছিল ৷ কিন্তু এতিয়া তাৰ সম্পূৰ্ণ বিপৰীত ৷
আজি অন্য মানুহে শাসন কৰিলে খোদ মাক-বাপেকেই বেয়া পায় ৷ সেয়ে সমাজখনত এতিয়া গুৰু গোসাঁই নমনা পৰিবেশ সৃষ্টি হ’ল বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰে ৷অনুষ্ঠানত অংশ লৈ চকলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক তথা 'সুহৃদ'ৰ কাৰ্য্যকৰী সভাপতি কল্যাণ কুমাৰ বৰাই আৰ্নেষ্ট' হেমিংৱেৰ কালজয়ী উপন্যাস " দ্যা অল্ড মেন এণ্ড দ্যা চি"ৰ কথাৰে মানুহে কেনেকৈ জীৱন জিনিব পাৰে তাৰ ওপৰত সাৱলীল বক্তব্য ৰখাৰ বিপৰীতে উদীয়মান যুৱ সংগঠক তথা "সুহৃদ"ৰ যুটীয়া সম্পাদক ৰঞ্জন জ্যোতি মহন্তই আধুনিক জীৱন যাপনৰ বাধ্যবাধকতাত মানুহ কেনেকৈ অন্তৰ্মুখী হৈ পৰিছে তাৰ ওপৰত সুন্দৰ বক্তব্য ৰখাৰ লগতে ইন্টাৰনেটৰ সুফল -কুফলৰ ওপৰতো তথ্য নিৰ্ভৰ বক্তব্য প্ৰদান কৰে ৷
অনুষ্ঠানটিত অংশলৈ একেদৰে উদীয়মান সংবাদকৰ্মী মানস জ্যোতি মহন্তই চমু বক্তব্যত কয় যে ,সময়ৰ লগে লগে পৰিবৰ্তন আহিবই৷ পৰিবৰ্তন বোৰ আমি কেনেদৰে গ্ৰহণ কৰো সিয়েই নিৰ্ধাৰণ কৰিব আমাৰ ভবিষ্যত৷" সুহৃদ" ৰ মুখ্য সম্পাদক তথা উদীয়মান সংবাদসেৱী দেৱব্ৰত বৰাই অনুষ্ঠানৰ আৰম্ভণিতে উদ্দেশ্য বাখ্যা কৰাৰ বিপৰীতে আদৰণি ভাষণ আগৱঢ়াই ৰঞ্জন জ্যোতি মহন্তই। অনুষ্ঠানটোত ডিজিটেল পইণ্টৰ সঞ্চালক মৃণাল শইকীয়া আৰু যুৱ সংগঠক শিৱান জ্যোতি কাকতি আদি উপস্থিত থাকি নিজৰ সবল যুৱমনৰ অভিমত প্ৰকাশ কৰে ৷
শেষত সঞ্চালকৰ আসনৰ পৰা সুহৃদৰ সভাপতি সমীৰ হাজৰিকাই মননশীল বক্তব্যৰে সকলোকে মুগ্ধ কৰাৰ উপৰিও নৱগঠিত সুহৃদে আপোনত্বৰ বান্ধোনৰে সুন্দৰ বাটেৰে আগুৱাই যাব বুলি আশা ব্যক্ত কৰে ৷
- Log in to post comments
- 19 views