বঙাইগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনা,বাছ আৰু চুম'ৰ মুখামুখী সংঘৰ্ষত এজন নিহত

bgn

বঙাইগাঁওঃ ৭ মেঃ 

বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত বঙাইগাঁও- উত্তৰ শালমাৰা ৰাজ্যিক ঘাই পথৰ মাজগাঁৱত আজি পুৱা ১০ঃ৩০ মান বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এখন যাত্ৰীবাহী বাছ আৰু টাটা চুম'ৰ মাজত সংঘটিত এই মুখামুখী সংঘৰ্ষৰ ফলত এজন লোক নিহত হোৱাৰ লগতে পুৰুষ, মহিলা আৰু শিশুকে ধৰি আন ৪৪ জন যাত্ৰী কম- বেছি পৰিমাণে আহত হয় ৷ bgn2

আহতসকলৰ ভিতৰত ১০ জনৰ অৱস্থা সংকটজন বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে গোৱালপাৰাৰ পৰা উত্তৰ শালমাৰা হৈ বঙাইগাঁওলৈ আহি থকা এ এছ-১৯ এ- ৫৭২১ নম্বৰৰ যাত্ৰাবাহী বাছখনৰ সৈতে বঙাইগাঁৱৰ পৰা উত্তৰ শালমাৰাৰ দিশে গৈ থকা এ এছ- ০১ চি চি -৬৩৬০ নম্বৰৰ টাটা চুম'খনৰ মাজগাঁৱত মুখামুখী সংঘৰ্ষ হয় ৷ বাছ আৰু চুম'ৰ মাজত সংঘটিত এই মুখামুখী সংঘৰ্ষৰ ফলত বাছখন পথৰ ওপৰতে লুটি খাই বাগৰি পৰাৰ বিপৰীতে চুম'খন পথৰ দাঁতিৰ দ খাৱৈলৈ নামিগৈ পানীত পৰে ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে বাছখনৰ আহত যাত্ৰীসকলৰ মাজত চিঞৰ - বাখৰ আৰম্ভ হয় ৷bgn5

পিচত দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী আৰু ১০৮ এম্বুলেঞ্চৰ কৰ্মী উপস্থিত হয় আৰু আহতসকলক ৰাইজৰ সহযোগত উদ্ধাৰ কৰি ১০৮ এম্বুলেঞ্চ আদিৰে ওচৰতে থকা বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ অৱশ্যে অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰা এজন লোকৰ চিকিৎসা প্ৰধানৰ সময়তে মৃত্যু হয় ৷ মৃত লোকজন বঙাইগাঁও জিলাৰ মাণিকপুৰ ভাটিপাৰাৰ অৱসৰপ্ৰাপ্ত স্বাস্থ্য কৰ্মী আব্দুল গফুৰ আলি ( ৬১)  বুলি চিনাক্ত কৰা হয় ৷

আনহাতে চিকিৎসালয়খনত ভৰ্তি কৰা আহতসকলৰ ভিতৰত দহ জন লোকৰ অৱস্থা সংকটজনক হোৱাত পিচত উন্নত চিকিৎসাৰ বাবে তেওঁলোকক বৰপেটালৈ প্ৰেৰণ কৰে ৷ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাসকল হ'ল মাণিকপুৰৰ ধীৰাজ দাস( ৩৪) , চলন্তাপাৰাৰ একেটা পৰিয়ালৰ গিয়াচুদ্দিন (৬০) , মজিদা বেগম( ৩৫) আৰু শিশু কন্যা ৰিয়াকী জান্নত( ৪) ,বিলাসীপাৰাৰ সঞ্জীৱ বৰ্মন (২২) , গোৱালপাৰাৰ অনন্ত মালাকাৰ ( ১৬) আৰু আনন্দ মালাকাৰ (৩৫) , ৰতনপুৰৰ ৰেকিবুদ্দিন শ্বেখ (৪৬) ,কটশবাৰীৰ বাহাদুৰ সৰকাৰ( ৫৭) আৰু ঔডুবিৰ ফিজুল ইছলাম (৩২)  ৷ উল্লেখ্য যে এই সকলৰ ভিতৰত মফিজুল ইছলাম আৰু সঞ্জীৱ বৰ্মন দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ পৰিচালক আৰু হেন্দিমেন বুলি জানিব পৰা গৈছে ৷

আনহাতে বৰ্তমান বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ১৪ জন লোক চিকিৎসাধীন হৈ আছে ৷ জানিব পৰা মতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচত মুঠ ৪৫ জন লোকক চিকিৎসালয়খনলৈ অনা হৈছিল যদিও এজনৰ পিচত মৃত্যু হয় ৷ এইসকলৰ ভিতৰত ২৪ জন লোক গুৰুতৰভাৱে আহত আছিল ৷ আনহাতে বাকী লোকসকলো কিছু পৰিমাণে আহত হয় যদিও অধিকাংশই প্ৰাথমিক চিকিৎসা গ্ৰহণৰ পিচত ঘৰলৈ যায় ৷ ইপিনে দুৰ্ঘটনাগ্ৰস্ত চুম'খনত চালক আৰু আন এজন লোক আছিল যদিও চুম'খন খাৱৈত পৰাৰ পিচতে দুয়োজনে পলায়ন কৰা বুুুুলি অভিযোগ উঠিছে ৷ লোক দুজন কিছু পৰিমাণে আহত হোৱা বুলিও জানিব পৰা গৈছে ৷

চুম'খনত ঔষধ আছিল ৷ বাছ আৰু চুম'খন তীব্ৰ বেগত থকাৰ বাবেই এই পথ দুৰ্ঘটনাটো সংঘটিত হয় বুলি অভিযোগ উত্থাপিত হৈছে ৷ উল্লেখ্য যে দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিচতে ঘটনাস্থলী আৰু চিকিৎসালয়ত বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত অনুপম ডেকা , উপ আৰক্ষী অধীক্ষক মৈত্ৰী ডেকা আদি উপস্থিত হৈ ঘটনাৰ লগতে আহতসকলৰ চিকিৎসাৰ বুজ লয় ৷

Your Comments