নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সংবাদ মেল : আৰ্তজনক সহায় কৰাৰ বাবে চাৰিটাকৈ প্ৰকল্প মুকলি

nagao

ৱাহিদুদ জামান, নগাঁও, ৭ মে' :

মানসিক ভাবে বিকাৰগ্ৰস্ত, অসহায় বৃদ্ধ-বৃদ্ধা, অসহায় ভাবে ঘুৰিফুৰা আৰু পিতৃ মাতৃ নোহোৱা আৰু এচিড আক্ৰমণত আহত হোৱা যুৱতীক আইনী সাহাৰ্য্য প্ৰদানৰ বাবে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে ব্যৱস্থা গ্ৰহন কৰি আহিছে। নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে জিলা খনৰ বিভিন্ন প্ৰান্তত ৰাইজে যাতে আইন সাহাৰ্য্য লাভ কৰিব পাৰে, তাৰ বাবে সজাগতা সভাকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহন কৰি আহিছে।

আজি নগাঁও আদালত ভৱনৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত এই কথা প্ৰকাশ কৰি নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মাৰাঙে জানিবলৈ দিয়ে যে নগাঁও আৰু হোজাই জিলাত বিগত সময়চোৱাত উল্লেখিত লোকসকলক বিনামূলীয়া আইনী সাহাৰ্য্য দিয়াৰ লগতে তেওঁলোকে যাতে স্বচল জীৱন যাপন কৰিব পাৰে তাৰো পদক্ষেপ গ্ৰহন কৰা হৈছে। মাৰাঙে লগতে কয় - নগাঁও আৰু হোজাই জিলা দুখন অধিক জনবহুল জিলা হিচাপে চিহ্নিত।

সেয়ে আমি এই জিলা দুখনৰ সমাজত নিজ পৰিয়ালৰ দ্বাৰা নিৰ্যাতিত দৰিদ্ৰ, মানসিক ভাৱে বিকাৰগ্ৰস্ত, দিব্যাঙ্গ, লোকসকলক জিলা ন্যায় সেৱা প্ৰাধিকাৰীয়ে সময়ে সময়ে উদ্ধাৰ কৰাৰ লগতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি আহিছে। তদুপৰি বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক আইন সম্পৰ্কীয় শিক্ষা প্ৰদান কৰি আহিছে। আজি সংবাদমেলতে এই লোক সকলৰ কল্যাণৰ বাবে অধিক কাম কৰাৰ লক্ষ্যৰে চাৰিটা প্ৰকল্পৰ শুভাৰম্ভ কৰে প্ৰণিতা মাৰাঙে।

এই প্ৰকল্প কেইটা হ'ল - অনুভুতি, স্নেহ বন্ধন, নতুন সপোন আৰু পোহৰ। আজি সংবাদ মেলত জিলা সেৱা আইন সেৱা প্ৰাধিকাৰীৰ দশ গৰাকী অধিবক্তা উপস্থিত আছিল। সংবাদমেলত প্ৰনিতা মাৰাঙে উল্লেখ কৰা মতে মানষিক ভাবে বিকাৰগ্ৰস্ত লোক সকলক উদ্ধাৰ কৰি আনি তেওঁলোকক চিকিৎসা প্ৰদানৰ লগতে মৰম চেনেহৰ জড়িয়তে এই লোক সকলক সুস্থ কৰি তোলাৰ প্ৰয়াস কৰা হ'ব। স্বেহ বন্ধন প্ৰকল্পৰ জড়িয়তে অসহায় বৃদ্ধ আৰু বৃদ্ধা লোক সকলক আইনী সাহাৰ্য্য প্ৰদান কৰাৰ লগতে তেওঁলোকক সুস্থ ভাবে জীয়াই থকাৰ ব্যৱস্থা কৰা হ'ব।

ৰঙীন প্ৰকল্পৰ জড়িয়তে অসহায় ভাবে ৰাস্তাই ঘাটে ঘুৰি ফুৰা পিতৃ মাতৃ নোহোৱা শিশু সকলক উদ্ধাৰ কৰি তেওঁলোকক শিক্ষাৰ অধীকাৰ, মৌলিক অধিকাৰ আদি প্ৰদানৰ ব্যৱস্থা কৰা হ'ব আৰু পোহৰ প্ৰকল্পৰ জড়িয়তে এচিড আক্ৰমনত আক্ৰান্ত হোৱা যুৱতী সকলক চিকিৎসা ব্যৱস্থাৰ জড়িয়তে তেওঁলোকক সঠিক দিশত আগুৱাই নিবলৈ ব্যৱস্থা কৰা হ'ব। সংবাদমেলত প্ৰনিতা মাৰাঙে ধৰ্ষনত আদিৰ দৰে ঘটনাত ক্ষতিগ্ৰস্তক জিলা ন্যায় আইন সেৱা প্ৰাধিকাৰীৰ কথাও উল্লেখ কৰে। সংবাদমেলত জিলা ন্যায় আইন সেৱা প্ৰাধিকাৰীৰ দহ গৰাকী পেনেল অধিৱক্তা সদস্য ক্ৰমে - ৰূপালী গোস্বামী, ছাহনাজ চুলতানা, মুকুল প্ৰসাদ বৰঠাকুৰ, জেছমিন বেগম, মল্লিকা শৰ্ম্মা, পিংকু গোস্বামী, দণ্ডধৰ হাজৰিকা, দিপাংকৰ হাজৰিকা, দিব্য প্ৰসাদ বৰা আৰু চাহিনা খানম উপস্থিত থাকে।

 

Your Comments