#নগাঁও চহৰৰ অভিজাত ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিকাণ্ড,লক্ষ্যাধিক টকাৰ সা-সামগ্ৰী ভষ্মীভূত

nagaon

ৱাহিদুদ জামান,নগাঁও, ৭ মে :

 নগাঁও চহৰৰ হয়বৰগাঁৱৰ পুৰণা এ টি ৰো'ডত অৱস্থিত "কোঠাৰী ব্ৰাডাৰ্চ"নামৰ অভিজাত ব্যৱসায়িক প্ৰতিষ্ঠানত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ঘটণাৰ চাঞ্চল্যৰ মাৰ নৌযাওঁতেই আজি দুপৰীয়া চহৰ খনৰ মাজমজিয়াৰ ঢাকাপট্টিৰ আন এক অভিজাত বস্ত্ৰ প্ৰতিষ্ঠান"ছায়েৰ ষ্টোৰ"তো এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

নগাঁও আৰক্ষী সূত্ৰই জনোৱা মতে, আজি দুপৰীয়া প্ৰায় ১ বজাত ব্যৱসায়ীক প্ৰতিষ্ঠান খনৰ ওপৰ মহলাত বৈদ্যুতিক শ্বট ছাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয় । আগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱাৰ লগে লগে নগাঁও সদৰ সদৰ থানাৰ আৰক্ষী আৰু যান বাহন আৰক্ষীৰ লগতে আগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে।

কেইবাখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ যুদ্ধ কালীন তৎপৰতাৰে ব্যৱস্থা গ্ৰহন কৰি জুই নুমুৱালৈ সক্ষম হয়। অগ্নি নিৰ্বাপক বাহিনীৰ বিশেষ তৎপৰতাৰ বাবেই আজি নগাঁও চহৰৰ অতি ব্যস্ততম ব্যৱসায়িক অঞ্চল ঢাকাপট্টি আৰু বৰবজাৰ এক ভয়ংকৰ বিপদৰ পৰা  কথমপি ৰক্ষা পৰে। এই অগ্নিকাণ্ডৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ লক্ষাধিক টকাৰ সা-সামগ্ৰী ক্ষতি সাধন হয় বুলি জানিব পৰা গৈছে।

Your Comments