বিশ্ব শান্তিৰ বাবে খলিহৈ কিৰিংবৰী শিৱমন্দিৰত মহাযজ্ঞৰ আয়োজন

jagya

দুমুনিচকীৰ প্ৰতিবেদক,৭ মে :

দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত খলিহৈ কিৰিংবৰী শিৱমন্দিৰ প্ৰাঙ্গনত সোমবাৰে বণাৰ্ঢ্য কাৰ্যসুচীৰে শ্ৰীমদ্ভাগৱত মহাপুৰাণ জ্ঞান মহাযজ্ঞ অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।   বিশিষ্ট  পণ্ডিত গোবিন্দ অধিকাৰীয়ে  ধৰ্মধ্বজা উত্তোলনেৰে আজি প্ৰথম দিনাৰ কাৰ্যসূচীৰ  আৰম্ভ ঘটোৱাৰ  পিছতে বিশিষ্ট সংস্কৃত পণ্ডিত জীবন অধীকাৰীৰ নেতৃত্বত ধৰ্মীয় শ্ৰোভাযাত্ৰাৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ পৰা কিৰিংবৰী শিৱমন্দিৰলৈ জলযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
 বিশ্ব শান্তিৰ বাবে অনুষ্ঠিত কৰা শ্ৰীমদ্ভাগৱত মহাপুৰাণ জ্ঞান মহাযজ্ঞৰ স্থলীত অগণন ভক্ত প্ৰাণ ৰাইজৰ উপস্থিত পৰিলক্ষিত হয়।

Your Comments