কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰ
যোৱা ২৬ এপ্ৰিলত বুঢ়াপাহাৰৰ নহৰোবস্তিত সংঘটিত এক পথ দূৰ্ঘটনাত মৃত্যু হোৱা শিৱসাগৰৰ চিকিৎসক ডাঃ সুমিত গাৰোডিয়া আৰু তেওঁৰ পত্নী নন্দিনী গাৰোডিয়াৰ আত্মাৰ সদগতিৰ বাবে আজি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত এক ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰা হয়। শিৱসাগৰ অসামৰিক চিকিয়সালয়ৰ সৌজন্যত অসম চিকিৎসা সেৱা সন্থা শিৱসাগৰ গোটৰ সহযোগত আয়োজিত ধৰ্মীয় অনুষ্ঠানত গাৰোডিয়া দম্পতিৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে আজি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত 'সুমিতাভ্ৰ' নামৰ এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। সুমিতাভ্ৰ নামৰ এই প্ৰচীৰ পত্ৰিকাখন উন্মোচন কৰে স্বাস্থ্য বিভাগৰ অতিৰিক্ত সচিব তথা শিৱসাগৰ জিলাৰ প্ৰাক্তন উপায়ুক্ত শ্ৰী যুত নাৰায়ণ কোঁৱৰে।
ধৰ্মীয় অনুষ্ঠানৰ লগত সংগতি ৰাখি চিকিৎসালয়ৰ চৌহদত গাৰোডিয়া দম্পতিৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰাৰ লগতে দুয়োৰে আত্মাৰ সদগতিৰ অৰ্থে চিকিৎসালয়ৰ কৰ্মচাৰী সকলে নাম প্ৰসংগ অনুষ্ঠিত কৰে৷ উক্ত অনুষ্ঠানত শিৱসাগৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰিপুন বৰপূজাৰী, শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰাজীৱ বৰুৱা, অসম চিকিৎসা সেৱা সন্থা (আমছা) ৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ডাঃ ৰূপম বৰকাকতি, শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ গাণনিক মিন্তু দাস, ফাৰ্মাচিষ্ট শিৱদোতন নাথৰ লগতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক, পৰিচাৰিকা আৰু কৰ্মচাৰীবৃন্দ উপস্থিত থাকে।
অসম চিকিৎসা সেৱা সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ডাঃ ৰূপম বৰকাকতিয়ে কয়, সুমিত দুটা বছৰৰ পূৰ্বে এই চিকিৎসালয়ত যোগদান কৰিছিল। তেওঁৰ কৰ্মনিষ্ঠা, সততা, মানৱতাবোধ, মৰমীয়ালমাতৰ জৰিয়তে কম সময়ৰ ভিতৰত চিকিৎসালয়খনৰ ডাক্তৰ আৰু কৰ্মচাৰী সকলৰ লগতে ৰোগী আৰু অভিভাৱকৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। কিন্তু এনে এজন সুদক্ষ চিকিৎসক অকালতে হোৰোৱাই আমি মৰ্মাহত হৈছে। সুমিত গাৰোডিয়া আৰু তেওঁৰ পত্নী নন্দিনী গাৰোডিয়াৰ আত্মাৰ সদগতিৰ বাবে আজি আমি এই ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিছো। আনহাতে তেওঁ উল্লেখ কৰে যে সুমিত গাৰেডিয়াৰ দুয়ো পুত্ৰ বৰ্তমান সম্পূৰ্ণ সুস্থ হৈ পৰিছে।
শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ জনপ্ৰিয় চিকিৎসকজনৰ আত্মাৰ সদগতি কামনা কৰি জয়সাগৰ এম্বুলেন্স সন্থাই চিকিৎসালয়ৰ চৌহদত গাৰোডিয়া দম্পতিৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায়।
- Log in to post comments
- 33 views