বঙাইগাঁৱত ৰবীন্দ্ৰ জয়ন্তী উদযাপনৰ প্ৰস্তুতি

RABINDRA

বঙাইগাঁওঃ ৬ মেঃ

বঙাইগাঁৱৰ কেন্দ্ৰীয় ৰবীন্দ্ৰ শ্ৰদ্ধাঞ্জলি মঞ্চৰ উদ্যোগত এইবেলিও অহা ৯ আৰু ১০ মে'ত দুদিনীয়া কাৰ্যসূচীৰে বিশ্বকবি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ১৫৮ সংখ্যক জন্ম জয়ন্তী উদযাপিত হ'ব ৷ বঙাইগাঁও চহৰৰ গান্ধী ময়দানত উদযাপন কৰিবলগীয়া ৰবীন্দ্ৰ জয়ন্তীৰ প্ৰস্তুতি পৰ্ব ইতিমধ্যে পূৰ্ণ গতিত চলাইছে মঞ্চই ৷ ৰবীন্দ্ৰ শ্ৰদ্ধাঞ্জলি মঞ্চৰ সভাপতি সুৰজিৎ দাস , সাধাৰণ সম্পাদক সুধাংশু সাহা আৰু বিত্ত সম্পাদক ৰজত দত্তই জানিবলৈ দিয়া মতে ৰবীন্দ্ৰ জয়ন্তীৰ কাৰ্যসূচী অনুসৰি প্ৰথমদিনা পুৱা ৯ বজাত কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব ৷ ইয়াৰ পিচতে পুৱা দহ বজাত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব ৷

দুপৰীয়াৰ ভাগত নৃত্য প্ৰতিযোগিতা আৰু বিয়লি চাৰি বজাত বঙাইগাঁও বিদ্যাপীঠ উচ্চ বিদ্যালয়ত এক আলোচনাচক্ৰ অনুষ্ঠিত হ'ব ৷ ৰবীন্দ্ৰ আলোচনাচক্ৰ শীৰ্ষক এই আলোচনা চক্ৰত শান্তি নিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ অধ্যাপক মানবেন্দ্ৰ মুখোপাধ্যায়ে মুখ্য বক্তা হিচাপে উপস্থিত থাকি বিশ্বকবিগৰাকীৰ জীৱন দৰ্শন আৰু সৃষ্টি সম্পৰ্কে বক্তব্য আগবঢ়াব ৷ আনহাতে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব অভয়াপুৰী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড৹ ধীৰেন শৰ্মা ৷ RABINDRA2

সন্ধিয়া মঞ্চ উদ্বোধন , সম্বৰ্ধনা অনুষ্ঠান আৰু উৎপল কুমাৰ মজুমদাৰে সম্পাদনা স্মৃতিগ্ৰন্থ ' শ্ৰদ্ধাঞ্জলি' উন্মোচনৰ লগতে পুৰস্কাৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ ইয়াৰ পিচতে অনুষ্ঠিত হ'ব ৰবীন্দ্ৰ অনুষ্ঠান ৷ এই ৰবীন্দ্ৰ অনুষ্ঠানত স্থানীয় শিল্পীৰ লগতে কলকাতাৰ শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব ৷ আনহাতে দ্বিতীয়দিনা সন্ধিয়াৰ ভাগত সুন্দৰী প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ সাংস্কৃতিক অনুষ্ঠানত স্থানীয় শিল্পীৰ লগতে মুম্বাইৰ পৰা আমন্ত্ৰিত শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব ৷ ইপিনে ৰবীন্দ্ৰ জয়ন্তীৰ লগত সংগতি ৰাখি দেওবাৰে চিত্ৰাংকণ, আবৃত্তি আৰু সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

Your Comments