গুৰুতৰ ৰোগত আক্ৰান্ত মাজুলীৰ নির্মালী, মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ দাবী মহকুমা ছাত্ৰ সন্থাৰ

NIRMALI

নিউজ এ এছ এন,মাজুলী,৬ মে:

মাজুলীৰ পোলোঙানী গাঁৱৰ এগৰাকী চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী নির্মালী শইকীয়া আক্ৰান্ত হৈছে এটি গুৰুতৰ ৰোগত ৷ হাৰ্টৰ লগতে প্ৰস্ৰাৱ জনিত সমস্যাত ভোগা ছাত্ৰী গৰাকী যোৱা দুমাহ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে যদিও বৰ্তমানলৈ আৰোগ্য লাভ কৰা নাই ৷ তাকলৈ চিন্তিত হৈ পৰিছে মাজুলীৰ এই দুৰ্ভগীয়া পৰিয়ালটি ৷

ইফালে দুবেলা দুমুথি ভাত অতি কষ্টেৰে মোকোলোৱা পিতৃ ৰমেন শইকীয়াই এতিয়া সম্পূৰ্ণৰূপে ভাগি পৰিছে কণমানি নির্মালীৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিব নোৱাৰি৷ বৰ্তমান শিশুটিৰ প্ৰাণ ৰক্ষাৰ বাবেই পৰিয়ালটিক সহায়ৰ প্ৰয়োজনীয়তা উপলদ্ধি কৰিছে স্বানীয় ৰাইজ আৰু দল সংগঠনে।  সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সূৰ্যকুমাৰ ভূঞাই শিশুটিৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত ছাত্ৰ সন্থাই সাধ্য অনুযায়ী সহায় কৰাৰ কথা ইতিমধ্যেই ঘোষণা কৰিছে ৷

ইয়াৰ সমান্তৰালভাৱে মাজুলী মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতোপন শৰ্মা জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত বৰুৱাসহ এটা পাঁচ জনীয়া প্ৰতিনিধি দলে শিশুটিৰ বাসগৃহত সোমবাৰে উপস্থিত হৈ  শিশুটিৰ আশু আৰোগ্য কামনা কৰাৰ লগতে চিকিৎসাৰ ক্ষেত্ৰত সাধ্যানুসাৰে সহায় কৰিব বুলিও পৰিয়ালটোক অৱগত কৰে ৷ লগতে মাজুলী মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতোপন শৰ্মাই অসম চৰকাৰ আৰু স্বাস্থ্য বিভাগক তৎপৰতাৰে দুৰ্ভগীয়া পৰিয়ালটিক সহায় কৰি উন্নত চিকিৎসাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহন কৰিবলৈয়ো আহ্বান জনায় ৷

শিশুটিয়ে যাতে অতি সোনকাল উন্নত চিকিৎসাৰ জড়িয়তে আৰোগ্য হৈ উঠে তাৰ বাবে মুখ্যমন্ত্ৰী  তথা স্থানীয় বিধায়ক সৰ্বানন্দ সোনোৱালকো  যাৱতীয় ব্যৱস্থা গ্ৰহন কৰিবলৈ ছাত্ৰ সন্থাই আহ্বান জনাইছে ৷

Your Comments