চিআইডিৰ ৰোষত বৰাকৰ কয়লা মাফিয়া-আৰক্ষী

cid

বৰাকৰ পৰা আব্দুল আলিম চৌধুৰী

কৰিমগঞ্জৰ বিতর্কিত ক'লা হীৰাৰ সম্রাট আব্দুল আহেদ চৌধুৰীৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই বৰাকৰ বহুকেইজন কয়লা ব্যৱসায়ীৰ সন্ধানত নামি পৰিছে চিআইডিৰ এটা দল।যোৱা ২৮ এপ্ৰিলত আব্দুল আহেদ চৌধুৰীয়ে চিআইডিৰ ডিজিপিক উদ্দেশ্যে কৰি ক'লা হীৰাৰ কেলেংকাৰীত জড়িতসকলক গ্ৰেপ্তাৰ কৰিবলৈ পত্রযোগে দাবী জনাইছিল।এই আবেদনৰ ভিত্তিত চিআইডিয়ে অভিযান আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে।cid2


কাটিগড়া আৰক্ষী আৰু কৰিমগঞ্জৰ আৰক্ষী চকীত চলি থকা বহুকেইটা কয়লা সংক্ৰান্তীয় গোচৰৰ অভিযুক্ত কৰিমগঞ্জৰ হিফজুৰ ৰহমান চৌধুৰী,আফজল হোছেইন,আমিৰুল ইছলাম,ৰফিকুল ইছলাম চৌধুৰী,কবিৰ আহমেদ,কাছাৰৰ গুমৰাৰ মুক্তাদিৰ হোছেইন বৰভূঞা,জালালপুৰৰ ৰাজন দাস,পাঁচগ্রামৰ গুলজাৰ হোছেইন,শিলচৰৰ ৰাজন লস্কৰ,মঞ্জিল বৰভূঞা,কাছাৰ জিলা  ইউডিএফৰ নেতা এনাম উল্লাহ,গুমৰা আৰক্ষী চকীৰ চাৰিজন ইনচার্জ,কৰিমগঞ্জৰ প্রাক্তন এছপিক  তদন্তৰ আওতালৈ চিআইডিয়ে আনিব বুলি  জানিব পৰা গৈছে।

Your Comments