কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞা
লোকসভা নিৰ্বাচনত সুৰক্ষা ব্যৱস্থাৰ দায়িত্ব লৈ পশ্চিম বংগৰ হাওড়া জিলাত কৰ্তব্যত থকা অৱস্থাতে সতীৰ্থৰ গুলীত মৃত্যু হোৱা সপ্তম আৰক্ষী বেটেলিয়নৰ উপ-পৰিদৰ্শক ভোলানাথ দাসৰ অন্ত্যেস্তিক্ৰিয়া দেওবাৰৰ পুৱা শোকাকুল পৰিৱেশত সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হয়।
নিশা ৩ বজাত আৰক্ষী বিষয়াজনৰ মৃতদেহ নিজ বাসগৃহ নগাঁও জিলাৰ তুলসীমুখ পশ্চিম গোহাঁইগাৱলৈ অনাৰ লগে লগে গাওঁখনত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।শোকত ভাগি পৰা পৰিয়ালটোক সমবেদনা জনাবলৈ বিভিন্ন অঞ্চলৰ লোকে ভীৰ কৰেহি ।
ইফালে আৰক্ষী বিষয়াজনৰ অন্ত্যেস্তিক্ৰিয়া অনুষ্ঠানতে পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ আনে অসম আৰক্ষীৰ বিৰুদ্ধে ।সপ্তম অসম আৰক্ষীৰ উপ- পৰিদৰ্শক ভোলানাথ দাসৰ মৃত্যৰ কাৰণ কোনো ধৰণৰ কাজিয়া নাছিল বুলি পৰিয়ালৰ লোকে উল্লেখ কৰে।হত্যাকাৰী লক্ষ্মীকান্ত বৰ্মন মানসিক বিকাৰগ্ৰস্ত আছিল আৰু অনিল ৰাজবংশী নামৰ জোৱানজনক ৰক্ষা কৰিবলৈ গৈহে গুলীবিদ্ধ হৈছিল ভোলানাথ দাস ।এই অভিযোগ ভোলানাথ দাসৰ পৰিয়ালৰ ।মানসিক বিকাৰগ্ৰস্ত লক্ষ্মীকান্ত বৰ্মনক নিৰ্বাচনী কামত যিজন বিষয়াই নিয়োগ কৰিছিল, সেই বিষয়াজনক গ্ৰেপ্তাৰ কৰাৰ লগতে হত্যাকাণ্ডটোৰ উচিত তদন্তৰ দাবী কৰিছে ভোলানাথ দাসৰ পৰিয়ালে।
উল্লেখ্য যে যোৱা ২ মে'ত অসম আৰক্ষীৰ ৭ নম্বৰ বাহিনীৰ জোৱান লক্ষ্মীকান্ত বৰ্মনে নিজৰ ইনচাছ ৰাইফেলেৰে সতীৰ্থ জোৱানসকলক লক্ষ্য কৰি ধাৰাষাৰে গুলীয়াবলৈ ধৰে।মুঠ ১৮ জাঁই গুলী চালনা কৰাৰ ফলত অসম ৰাইফেলছৰ উপ-পৰিদৰ্শক ভোলানাথ দাস থিতাতে নিহত হোৱাৰ লগতে গুলীবিদ্ধ হৈ ৰণ্টুমণি মোদক আৰু অনিল ৰাজবংশী নামৰ জোৱানদ্বয় গুৰুতৰভাৱে আহত হৈ বৰ্তমানে চিকিৎসাধীন হৈ আছে।আৰক্ষী বিষয়াজনৰ পৰিয়ালৰ এই অভিযোগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
ইফালে আজিৰ অন্ত্যেস্তিক্ৰিয়া অনুষ্ঠানত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক সত্যব্ৰত ৰায় মেধি উপস্থিত থাকি মৃতদেহত মাল্যৰ্পন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে ।
- Log in to post comments
- 39 views